NORTHEAST NOW (Assamese)

বলিউদ চিলেব্ৰিটিৰ সৈতে প্ৰেমৰ সম্পৰ্ক, চৰ্চাত এয়াৰটেল গাৰ্ল

January 9, 2020 4:03 pm · এন ই নাও নিউজ
শাশা ছেত্ৰী। ছবি সৌজন্য-- ইনষ্টাগ্ৰাম।

শাশা ছেত্ৰী, এয়াৰটেল গাৰ্লৰূপে জনপ্ৰিয় হৈ পৰা যুৱতীগৰাকী এতিয়া প্ৰেমৰ সম্পৰ্কৰ বাবে চৰ্চিত হৈছে।

খবৰমতে, এয়াৰটেল গাৰ্ল প্ৰেমত পৰিছে বলিউদৰ জনাজাত সংগীত পৰিচালক আৰু গায়ক শচীন গুপ্তাৰ সৈতে।

গুপ্তাই ফাইন্দিং ফেনি, মেৰে দেদ কি মাৰুতি আৰু টেবল নাম্বাৰ ২১ আদি বহুকেইখন বলিউদ ছবিত সংগীত কৰিছে।

এয়াৰটেল গাৰ্ল শাশাৰ সৈতে প্ৰেমক লৈ চৰ্চাৰ বিপৰীতে কাকতালীয়ভাৱে গুপ্তাৰ আগৰগৰাকী প্ৰেমিকাৰ নামো আছিল “শাশা” আঘা।

এয়াৰটেলৰ এডৰ জৰিয়তে শাশা ছাত্ৰীয়ে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল আৰু দেশজুৰি ঘৰুৱা আৰু পৰিচিত মুখত পৰিণত হৈছিল।

নাম নাজানিলেও লাখ লাখ মানুহৰ বাবে ছেত্ৰীৰ মুখখন চিনাকী হৈ পৰিছিল।

মডেলৰূপে সুখ্যাতি আৰ্জিবলৈ সক্ষম হোৱা শাশা ডেৰাডুনৰ যুৱতী।

 

View this post on Instagram

 

In between shots!! ???????

A post shared by Sasha Chettri (@ricksharani) on

ডেৰাডুনৰ ব্ৰাইটলেণ্ড স্কুলত শিক্ষাজীৱন আৰম্ভ কৰা শাশাই ৱেলহাম গাৰ্লছ স্কুলৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছিল।

পিছ্ত তেওঁ মুম্বাইৰ চেণ্ট জেভিয়াৰ্ছ ইনষ্টিটিউট অৱ কমিউনিকেচনৰ পৰা বিজ্ঞাপনৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।

Related News