NORTHEAST NOW (Assamese)

অমিতাভ-অভিষেকৰ পাছতে এইবাৰ ঐশ্বৰ্য-আৰাধ্যাও কোভিড১৯ পজিটিভ

July 12, 2020 3:48 pm · এন ই নাও নিউজ

মেগাষ্টাৰ অভিতাভ বচ্চনৰ পৰিয়ালৰ ইজন সদস্যৰ পাছত সিজন সদস্যৰ শৰীৰত ধৰা পৰিছে কোভিজ১৯ পজিটিভ।

ইতিমধ্যে পুত্ৰ অভিষেক বচ্চনৰ শৰীৰতো কোভিড১৯ পোৱা গৈছে।

আজি বিয়লি অমিতাভ বচ্চনৰ বোৱাৰীয়েক ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনীয়েক আৰাধ্যাৰ শৰীৰতো পোৱা গৈছে কোভিড১৯ পজিটিভ।

উল্লেখ্য যে, মেগাষ্টাৰগৰাকীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ লগে লগে শনিবাৰে পৰিয়ালৰ সকলোৰে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰোৱা হৈছিল।

বুম্বে মিউনিচিপাল কৰ্প’ৰেশ্যনৰ সহকাৰী আয়ুক্ত বিশ্বাস মোটে জনায় যে, ১০ বছৰীয়া আৰাধ্যা আৰু মাতৃ ঐশ্বৰ্য ৰায় বচ্চনৰ ৰিপ’ৰ্ট পজিটিভ আহিলেও অমিতাভৰ পত্নীৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে।

জয়া বচ্চনৰ লগতে কন্যা শ্বেতা নন্দা, নাতি অগ্যস্ত  আৰু নাতিনী নভেলীৰো ৰিপ’ৰ্ট নিগেটিভ আহিছে।

শনিবাৰে অমিতাভ বচ্চনৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰাৰ পৰাৰ পিছতে পুত্ৰ অভিষেক বচ্চনৰ শৰীৰতো ধৰা পৰে এই মাৰাত্মক ভাইৰাছবিধ।

Related News