বদৰুদ্দিন আজমলৰ ৰাজনীতিৰ পৃষ্ঠভূমি বৰপেটাত বিধ্বস্ত এ আই য়ু ডিএফ

badruddin-ajmal-700-768x449

এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল। ফাইল ফটো

সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বৰপেটা জিলাত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিল এ আই য়ু ডি এফ দল ৷ বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল বৰপেটাৰ সাংসদ হৈ থকাৰ পাছতো জিলাখনৰ এই ফলাফলে এ আই য়ু ডি এফৰ নেতা কৰ্মীক চিন্তিত কৰি তুলিছে ৷

দলটোৰ এনে অনাকাংক্ষিত ফলাফলক লৈ এআইয়ুডিএফৰ সাধাৰণ নেতা কৰ্মীৰ মাজত দলটোৰ নেতা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে, বিগত পঞ্চায়ত নিৰ্বাচনত বৰপেটা জিলা পৰিষদ গঠন কৰিছিল এআইয়ুডিএফ দলে ৷ দলটোৱে জিলা পৰিষদৰ ২৯ খন আসনৰ ভিতৰত ১৪ খনকৈ আসন লাভ কৰি বৰপেটা জিলা পৰিষদ গঠন কৰিছিল যদিও এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত দলটোৱে জিলা পৰিষদৰ এখনো আসন লাভ কৰিবলৈ সক্ষম নহল ৷

ইপিনে বিগত পঞ্চায়তত ৬৪ খনকৈ গাঁও পঞ্চায়ত দখল কৰা এআইয়ুডিএফে এইবাৰৰ নিৰ্বাচনত মাথোঁ ১৬খন আসনতে সীমাৱদ্ধ থাকিল ৷ একেদৰে , বিগত পঞ্চায়ত নিৰ্বাচনত আঞ্চলিক পঞ্চায়তৰ ৬৭ গৰাকী সদস্য নিৰ্বাচিত হোৱাৰ বিপৰীতে এইবেলি নিৰ্বাচিত হৈছে মাথোঁ ১২ গৰাকী ৷

আনহাতে বিগত পঞ্চায়ত নিৰ্বাচনত জিলাখনত ৫৯৬ গৰাকী গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছিল যদিও এইবাৰ মাথোঁ ১৩২ গৰাকী গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচিত হয় ৷ দলটোৰ এনে নিম্নগামী ফলাফলক লৈ জিলাখনৰ এআইয়ুডিএফ কৰ্মীসকল হতাশ হৈ পৰিছে ৷

নেতৃত্বৰ দুৰ্বলতাৰ বাবেই জিলাখনত দলটোৱে এনে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হোৱা বুলি মত ব্যক্ত কৰিছে দলটোৰ তৃণমূল কৰ্মীসকলে ৷ অসমৰ ৰাজনীতিত ভূমুকি মাৰি বদৰুদ্দিন আজমলে বৰপেটাকে তেওঁৰ ৰাজনীতিৰ পৃষ্ঠভূমি হিচাপে গ্ৰহণ কৰিছিল আৰু সফলতাও লাভ কৰিছিল। কিন্তু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত দলটোৰ বিপৰ্যয়ে বৰেপটাত সংখ্যালঘু ভোটাৰৰ মাজত আজমলৰ যাদু নচলাৰ ইংগিতকে বহন কৰিছে।