বিজেপিক পৰাস্ত কৰাৰৰ আহ্বান এ আই য়ু ডি এফৰ; উপ নিৰ্বাচনত মাত্ৰ এটা সমষ্টিত দিলে প্ৰাৰ্থীত্ব

AIUDF press meet

এ আই য়ু ডি এফৰ প্ৰাৰ্থী

উপ নিৰ্বাচনত এটা সমষ্টিতহে প্ৰাৰ্থীত্ব দিব এআইয়ুডিএফে। জনিয়া সমষ্টিত প্ৰাৰ্থীত্ব দিলে এআইয়ুডিএফে। জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামক দিলে প্ৰাৰ্থীত্ব। দলটোৰ হাতীগাঁওস্থিত ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে সাধাৰণ সম্পাদক আমিনুল ইছলামে।

ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিৰ বাবে ২১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনত এ আই য়ু ডি এফে মাত্ৰ জনিয়া সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আজি দলটোৰ হাতীগাঁৱস্থিত ৰাজ্যিক কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে সাধাৰণ সম্পাদক আমিনুল ইছলামে।

জনিয়া সমষ্টিৰ বাবে এ আই য়ু ডি এফৰ ফালৰ পৰা ডঃ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰা হয়।

দলৰ সাংগঠনিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে দলে মাত্ৰ এটা সমষ্টিতে প্ৰাৰ্থী দিয়াত সীমাবদ্ধ থাকিল বুলিও সংবাদমেলত মন্তব্য কৰে ইছলামে।

সংবাদমেলতে আমিনুল ইছলামে ৰাতাবাৰী আৰু ৰঙাপাৰাত এ আই য়ু ডি এফৰ সাংগঠনিক ভেটি শক্তিশালী বুলি উল্লেখ কৰিলেও কেবল এটা সমষ্টিত দলটোৱে প্ৰাৰ্থী দিয়া কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

আনহাতে, জনীয়াক বাদ কৰি বাকী তিনিটা সমষ্টিত বিজেপিক পৰাজিত কৰিবলৈ ভোটাৰ সকলক বিবেক ভোট দিবলৈ আহ্বান জনায় দলটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

“বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিবলৈ ধৰ্ম নিৰপেক্ষ দলৰ প্ৰাৰ্থীক ৰাইজে ভোট দিয়ক। আমি পোনপটীয়াকৈ কাক ভোট দিব লাগে নকওঁ কিন্তু জনসাধাৰণে বিবেক ভোট দিব লাগে,” ইছলামে সংবাদমেলত কয়।

যিহেতু জনিয়াক বাদ কৰি বাকী তিনিটা সমষ্টিত বিজেপিৰ প্ৰধান বিৰোধী হিচাপে কংগ্ৰেছ দল আছে গতিকে ইছলামৰ মন্তব্যৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিবলৈ জনোৱা আহ্বানৰ কথা স্পষ্ট হৈ পৰিছে।

অৱশ্যে কংগ্রেছৰ সৈতে আনুষ্ঠানিকভাৱে কোনোধৰণৰ মিত্ৰতা হোৱা নাই বুলি সদৰী কৰি ইছলামে কংগ্ৰেছে জনিয়া সমষ্টিত প্ৰাৰ্থী নিদিলেহে মিত্ৰতা হৈছে নে নাই গম পাব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

আনহাতে, সংবাদমেলত উপস্থিত থাকি জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলামে জনিয়া সমষ্টিৰ ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰে।