• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2025 5:19 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ মাজত চলি থকা  শুল্ক যুদ্ধৰ তীব্ৰতা কমি এতিয়া যুদ্ধবিৰতিৰ পথত। দীঘলীয়া আলোচনাৰ পিছত সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ৯০ দিনৰ বাবে শুল্ক হ্ৰাসৰ বিষয়ে সহমতত উপনীত হয়। পূৰ্বৰ ১২৫ আৰু ১৪৫ শতাংশৰ পাৰস্পৰিক শুল্কৰ পৰিৱৰ্তে, চীনে অহা ৯০ দিনৰ বাবে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ আৰু আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত ৩০ শতাংশ শুল্ক আৰোপ কৰিব। যি বিশ্ব অৰ্থনীতিত সকাহ প্ৰদান কৰিছে। 

ড’নাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণৰ পিছৰে পৰা  বিশ্বৰ বিভিন্ন দেশৰ ওপৰত শুল্ক যুদ্ধৰ নীতি গ্ৰহণ কৰিছিল। তেওঁৰ এই পাৰস্পৰিক শুল্ক নীতিয়ে বহু দেশক সংকটৰ মুখত পেলাইছিল। ট্ৰাম্প প্ৰশাসনে ২ এপ্ৰিলৰ পৰা ভাৰত, কানাডা, আৰু চীনৰ দৰে দেশৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰিছিল। চীনে প্ৰতিশোধ হিচাপে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিলেও অন্য দেশসমূহে তেনে প্ৰতিক্ৰিয়া দেখুৱা নাছিল। সেয়ে চীন ট্ৰাম্পৰ শুল্ক নীতিৰ প্ৰধান লক্ষ্য হৈ পৰিছিল। আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত ১৪৫ শতাংশ, কিছু ক্ষেত্ৰত ২০০ শতাংশতকৈও অধিক শুল্ক আৰোপ কৰিছিল। প্ৰত্যুত্তৰত চীনে ১২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। এই অস্বাভাৱিক শুল্কৰ ফলত চীন-আমেৰিকাৰ বাণিজ্য কাৰ্যতঃ স্থবিৰ হৈ পৰিছিল, যাৰ প্ৰভাৱ বিশ্ব অৰ্থনীতিতো পৰিছিল। এই সংকটৰ গুৰুত্ব উপলব্ধি কৰি আমেৰিকাই চীনৰ সৈতে আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়। 

Apply Now

১০ আৰু ১১ মে’ত চুইজাৰলেণ্ডত আমেৰিকা আৰু চীনৰ বাণিজ্যিক প্ৰতিনিধিসকলে শুল্ক যুদ্ধৰ বিষয়ে আলোচনাত মিলিত হয়। এই বৈঠকত আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্ট, বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীৰ, আৰু চীনৰ বাণিজ্য প্ৰতিনিধি হে লিফং উপস্থিত আছিল। দীৰ্ঘ আলোচনাৰ পিছত তেওঁলোকে যৌথ বিবৃতিত ঘোষণা কৰে যে দুয়োখন দেশে ৯০ দিনৰ বাবে শুল্ক হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন শুল্ক নীতি অনুসৰি আমেৰিকাই ১৪৫ শতাংশৰ পৰিৱৰ্তে ৩০ শতাংশ আৰু চীনে ১২৫ শতাংশৰ পৰিৱৰ্তে ১০ শতাংশ শুল্ক আৰোপ কৰিব।  অৱশ্যে এই নতুন শুল্ক গাঁথনিৰ বিশদ তথ্য এতিয়াও প্ৰকাশ কৰা নাই। আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে মঙলবাৰে এই বিষয়ে আনুষ্ঠানিক ঘোষণা কৰা হ’ব বুলি সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd