গোৱালপাৰাত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত: ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত এআইইউডিএফৰ নেতা

IMG_20210104_121421

ফটো: নৰ্থইষ্ট নাও।

গোৱালপাৰা জিলাৰ চতুৰ্দিশে অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ বিগত প্ৰায় ত্ৰিশ বছৰে ধাৰাবাহিকভাৱে চলি থকা বনৰীয়া হাতীৰ সন্ত্ৰাসত একপ্ৰকাৰ দিশহাৰা হৈ উঠিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ বাসিন্দা ৷

বন্যহস্তীয়ে ইতিমধ্যে জিলাখনৰ ধূপধৰা,ৰংজুলি,দৰংগিৰি, টিপলাই, শালপাৰা, দুধনৈ, গুৰিয়া, লালাবৰী, কৃষ্ণাই, আগিয়া, পোলমাৰি আদি অঞ্চলত ঘৰ দুৱাৰ ভাঙি, খেতি বাতি বিনষ্ট কৰি ধ্বংসলীলা চলোৱাৰ বিপৰীতে বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে বহু নিৰীহ লোক ৷

নৱবৰ্ষতো জিলাখনৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ কৃষ্ণাই অঞ্চলো ইয়াৰ ব্যতিক্ৰম নহয় ৷

পহিলা জানুৱাৰীৰ নিশাই কৃষ্ণাইৰ কাষৰীয়া তথা মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত হাৰিমূৰা মাগুৰমাৰিত ধ্বংসলীলা চলায় এজাক বনৰীয়া হাতীয়ে ৷

ইয়াৰ বিপৰীতে ২ জানুৱাৰীৰ সন্ধিয়া পৰতে লালাবৰিৰ কদমতোলাত বন্যহস্তীয়ে বহু ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে কিৰণ বালা ৰাভা নামৰ এগৰাকী মহিলাক গচকি হত্যা কৰে ৷

যোৱা নিশাও এজাক হাতীয়ে সন্ত্ৰাস চলায় কৃষ্ণাইৰ নিচেই কাষৰীয়া তথা আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰা প্ৰথম খণ্ডৰ জিনাৰী নৈৰ পাৰত অৱস্থিত একাধিক পৰিয়ালৰ বাসগৃহত ৷

ফফংগা গাওঁ পঞ্চায়তৰ অন্তৰ্গত গাওঁখনত বন্যহস্তীয়ে চলোৱা আক্ৰমণত ছহিদু আলী, হাবিজুল আলী, ইমান আলী আৰু টুকুৰা দ্বিতীয় খণ্ডৰ চুৱান আলী আৰু মতলেৱ আলীৰ পৰিয়াল কেইটা সম্পূৰ্ণ ৰূপে গৃহহীন হৈ পৰে ৷

ইয়াৰ বিপৰীতে বনৰীয়া হাতীৰ জাকটোৱে গাওঁখনৰ প্ৰায় পঞ্চাশ বিঘা ইৰি ধানৰ কঠীয়া বিনষ্ট কৰে ৷

ইফালে বনৰীয়া হাতীৰ কবলত পৰি গৃহহাৰা হোৱা পৰিয়াল সমূহৰ কাষত সাহায্য সামগ্ৰী সহ উপস্থিত হয় এআইইউডিএফৰ জিলা উপ সভাপতি মাছিদুল ইছলামে ৷ নেতা গৰাকীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি পৰিয়াল সমূহৰ মাজত চাউল,বিস্কুট আদি সামগ্ৰী বিতৰণ কৰে ৷

মাছিদুল ইছলামে পৰহি হাৰিমুৰা মাগুৰমাৰি অঞ্চলৰ বন্যহাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাৰ মাজতো খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ মাছিদুল ইছলামৰ মহানুভৱতাৰ ৰাইজে শলাগ লৈছে ৷