অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে মিছা আৰু ক্ষতিকাৰক অপপ্ৰচাৰ; চিআইডিক এজাহাৰ দাখিল সাংসদগৰাকীৰ
সাংসদ অজিত কুমাৰ ভূঞাৰ উদ্ধৃতি দি বিভিন্ন নিউজ চেনেলে কিছুমান বিশেষ বাতৰি প্ৰচাৰ কৰি সাংসদগৰাকীৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত সাংসদগৰাকীয়ে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগত (চিআইডি) এজাহাৰ দাখিল কৰিছে।
চিআইডিলৈ লিখা এজাহাৰখনত সাংসদ ভূঞাই লিখিছে, ‘’মই আপোনালোকক জনাব বিচাৰিছো যে মোৰ উদ্ধৃতি দি বিভিন্ন নিউজ চেনেলৰ দ্বাৰা কিছুমান বিশেষ বাতৰি প্ৰকাশ কৰা হৈছে যিবোৰ মিছা আৰু ক্ষতিকাৰক। বাতৰিবোৰত মোৰ উদ্ধৃতিৰে কোৱা হৈছে “জোনমনি ৰাভা গোচৰৰ দৰে জুবিন গাৰ্গৰ গোচৰটোও ওলমি থাকিব। মানুহে আন্দোলন আৰম্ভ কৰিব লাগিব; দোকান-পোহাৰ আৰু অন্যান্য প্ৰতিষ্ঠানৰ ক্ষতি কৰিব লাগিব আৰু তাৰ ফলত ৰাজপথত অশান্তিৰ সৃষ্টি হ’ব, তেতিয়াহে চৰকাৰে নিদ্ৰাৰ পৰা উঠিব।”
সাংসদগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে, ‘’এই কথাবোৰ মই মোৰ ছ’চিয়েল মিডিয়া হেণ্ডেলতো বা কোনো নিউজ ৰিপ’ৰ্টাৰৰ আগত কেতিয়াও কোৱা নাই। এইবোৰ মোৰ নামত কোনোবাই মোক বদনাম কৰিবলৈ আৰু লগতে অশান্তিৰ সৃষ্টি কৰিবলৈ প্ৰচাৰ কৰিছে। এই বাতৰিসমূহ প্ৰস্তুত কৰা ব্যক্তিসকলে BNS, 2 0 2 3 ৰ বিভিন্ন ধাৰাৰ লগতে তথ্য প্ৰযুক্তি আইন, 2 0 0 0 ৰ অধীনত স্পষ্টভাৱে অপৰাধ সংঘটিত কৰিছে, সেয়েহে এনে কু-অভিপ্ৰায়ৰ আঁৰত থকা সেই অচিনাকি ব্যক্তিসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অনুৰোধ জনালোঁ।‘’