সক্রিয় মানৱ অধিকাৰ কৰ্মী তথা জাতীয় দলৰ সম্পাদক প্রণৱ চেতিয়াক অসম পুলিচে গ্রেপ্তাৰ কৰা বিষয়ত প্রতিক্রিয়া প্রকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ তথা জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞাই।
এক বিবৃতিযোগে ভূঞাই কয় যে, গণতান্ত্রিক আৰু মানৱ অধিকাৰৰ পক্ষত দীৰ্ঘদিন ধৰি শক্তিশালীভাবে মাত মাতি অহা প্রণৱ চেতিয়া বৰ্তমান সময়ত পঞ্জীয়নভূক্ত ৰাজনৈতিক দল জাতীয় দলৰ সম্পাদক।
তেনেস্থলত প্রণৱ চেতিয়াক আলফাৰ লগত সম্পর্ক থকা বুলি গ্রেপ্তাৰ কৰা বিষয়টো মিথ্যাচাৰৰ বাদে আন একো নহয় ।
শাসক পক্ষৰ দ্বাৰা সম্প্রতি দেশজুৰি গণতান্ত্রিক শক্তিসমূহক মষিমূৰ কৰাৰ যি কাৰচাজি চলি আছে , তাৰেই ভূক্তভোগী হৈছে প্রণৱ চেতিয়া।
বিভিন্ন গণতান্ত্রিক আন্দোলনৰ প্রথম শাৰীত থিয় হৈ মাত মাতি অহা প্রণৱ চেতিয়াৰ গ্রেপ্তাৰ সম্পূর্ণ অগণতান্ত্রিক আৰু দমনমূলক।
ৰাজ্যসভাৰ তথা জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞাই এই গ্রেপ্তাৰ বিৰোধিতা কৰাৰ লগতে শীঘ্রেই প্রণৱ চেতিয়াক মুকলি কৰি দিয়াৰ আহ্বান জনাইছে।