NORTHEAST NOW (Assamese)

পৰীক্ষা বিতৰ্ক: চৰকাৰক অবিবেচক, অদূৰদৰ্শী, টোঘলকী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জাতীয় পৰিষদৰ

July 2, 2021 7:23 pm · জাহ্নৱী বৰুৱা

শুক্ৰবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি অসম জাতীয় পৰিষদে অবিবেচক, অদূৰদৰ্শী, টোঘলকী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰক দাবী জনায়। লগতে বিকল্প পৰীক্ষা পতাৰ সিদ্ধান্তত পইন্ট ভিত্তিত ভুল আঙুলিয়াই দিয়ে অসম জাতীয় পৰিষদে।

সংবাদমেল তেওঁলোকে উল্লেখ কৰে” চৰকাৰে কৈছে যে বিকল্প মূল্যায়নৰ বাবে তেখেতসকলৰ হাতত – মানে বিদ্যালয়সমূহত – এশ শতাংশ নথি মজুত আছে৷ আমি কৈছো চৰকাৰৰ ওচৰত এশ শতাংশ নথি নাই৷ কাৰণ নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা জিলা ভিত্তিক আভ্যন্তৰীণ পৰীক্ষা সমিতি (ডি এল আই ই চি) নামৰ এখন কমিটীয়ে পাতে, যাৰ অধ্যক্ষৰ দায়িত্বত থাকে এগৰাকী অতিৰিক্ত উপায়ুক্ত আৰু জিলা অধিবিদ্যা পৰিষদৰ সচিবগৰাকী সাধাৰণতে উক্ত সমিতিৰ সম্পাদক হয়৷

অৰ্থাৎ চৰকাৰী স্কুলৰ পৰীক্ষা যিহেতু এটা চৰকাৰী কৰ্তৃপক্ষৰ তত্বাৱধানত হয়, সেয়ে উক্ত পৰীক্ষাৰ নম্বৰ তালিকাৰ এটা চৰকাৰী প্ৰমাণ সাপেক্ষতা থাকে৷

কিন্তু সমস্যাটো হ’ল, এনে বহুত ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে যি ‘ছেবা’ আৰু ‘কাউন্সিল’ৰ পাঠ্যক্ৰম চলায় যদিও তেওঁলোকে ডি এল আই ই চি-ৰ অধীনত পৰীক্ষা নাপাতে৷ তেওঁলোকে নিজাববীয়াকৈ পৰীক্ষা পাতে৷ সেয়ে তেনে বিদ্যালয়ৰ পৰীক্ষা বা নম্বৰ তালিকাৰ কোনো চৰকাৰী প্ৰমাণসাপেক্ষতা নাথাকে৷ এনে অৱস্থাত চৰকাৰী তত্বাৱধানত হোৱা পৰীক্ষাৰ নম্বৰ আৰু চৰকাৰী নিৰীক্ষণ অৱিহনে হোৱা পৰীক্ষাৰ নম্বৰৰ গ্ৰহণযোগ্যতাৰ মাজত অন্তৰ থাকিব৷ তেনে নম্বৰ প্ৰদান প্ৰক্ৰিয়াত স্বজন তোষণ হোৱাৰ সুৰুঙা থাকি যাব৷ এনে নম্বৰ প্ৰদান প্ৰক্ৰিয়াত নিৰপেক্ষতা বজাই ৰাখিব নোৱাৰাৰ সম্ভাৱনা অধিক৷”

দ্বিতীয় সুৰুঙাটো ব্যাখ্যা কৰি ৰহমানে কয়” দশম শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ প্ৰাক-চূড়ান্ত পৰীক্ষাৰ তথা দ্বাদশ শ্ৰেণীৰ ক্ষেত্ৰত দশম আৰু একাদশ শ্ৰেণীৰ নম্বৰ লোৱাৰ কথা কৈছে৷ কিন্ত বিগত শিক্ষা বৰ্ষত কোভিড পৰিস্থিতিৰ কাৰণে বেছিভাগ ডি এল আই ই চিয়ে পৰীক্ষা পতাই নাছিল৷ কিছুমান স্কুলে নিজাববীয়াকৈহে পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ এনে অৱস্থাত স্কুলসমূহে কিহৰ ভিত্তিত নৱম আৰু একাদশ শ্ৰেণীৰ নম্বৰ যোগ কৰিব৷

আনহাতে দশম শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত ২০ শতাংশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত ১০ শতাংশ নম্বৰ স্কুলৰ ফালৰ পৰা দিয়া ব্যৱস্থাৰ সুৰুঙা আঙুলিয়াই দি ৰহমানে কয়”উক্ত নম্বৰ দিয়াৰ ক্ষেত্ৰত চাৰিটা বিষয়ক মাপকাঠি হিচাপে ল’বলৈ চৰকাৰে ব্যৱস্থা কৰিছে৷ সেয়া হ’ল, গোট পৰীক্ষা, উপস্থিতি, সহ পাঠ্যক্ৰম বা অনলাইন শ্ৰেণীৰ যিকোনো এটা বা তাতকৈ অধিক বিষয়ত শিক্ষাৰ্থীয়ে বিগত সময়ত কৰা প্ৰদৰ্শনৰ পৰা বিদ্যালয়ে উক্ত নম্বৰ দিব লাগিব৷

কিন্তু প্ৰশ্ন হ’ল- যোৱা শিক্ষা বর্ষৰ তিনিভাগৰ দুভাগ সময় কোভিড পৰিস্থিতিৰ কাৰণে বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে বেছিভাগ স্কুলে গোট পৰীক্ষা পতাই নাছিল৷ স্কুল বন্ধ হৈ থকাৰ বাবে শিক্ষৰ্থীৰ উপস্থিতিৰ বিষয়টোও ইয়াত গণ্য নহ’ব৷ আনহাতে বেছিভাগ বিদ্যালয়ে সহ-পাঠ্যক্ৰমৰ নথি নাৰাখে৷ অনলাইন শ্ৰেণীৰ আচল ছবিখন যে বৰ আশাব্যঞ্জক নহয়, সেই কথা দুদিন পূর্বে স্বয়ং ৰাজ্য কেবিনেটে ৰাজ্যজুৰি মোবাইল টাৱাৰ বহুৱাৰ সিদ্ধান্ত লৈ নিজেই প্ৰকট কৰি দিলে৷এনে প্ৰেক্ষাপটত কিহৰ ভিত্তিত বিদ্যালয়সমূহে উক্ত দহ বা বিশ শতাংশ নম্বৰ দিব৷ চৰকাৰী বাধ্যবাদকতাত পৰি নম্বৰ দিবলগা হ’লেও সেয়া ন্যায্য হ’বনে?”

চতুৰ্থ বিষয়টো আঙুলিয়াই দি তেওঁ পুনৰ কয় ” বিদ্যালয়ে যোগান ধৰা নম্বৰৰ ভিত্তিত যি ফলাফল প্ৰস্তুত কৰা হ’ব তাত সেই বিদ্যালয়ৰ যোৱাবাৰৰ ফলাফলৰ সৈতে দহ শতাংশতকৈ অধিক অন্তৰ থাকিব নোৱাৰিব বুলি চৰকাৰে কৈছে৷ অৰ্থাৎ যিখন বিদ্যালয়ত যোৱা বছৰ দহজনে প্ৰথম বিভাগ পাইছিল, এইবাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা ১১ গৰাকীতকৈ অধিক হ’ব নোৱাৰিব৷ এইটো এ্টা অতি অবিবেচক ফৰ্মুলা বুলি উল্লেখ কৰি ৰহমানে কয় যে আগৰ বছৰত মাত্ৰ এজন ছাত্ৰই প্ৰথম বিভাগ পোৱা বিদ্যালয়ত পিছৰ বছৰত ২০ জন ছাত্ৰই প্ৰথম বিভাগ পোৱাৰ অলেখ উদাহৰণ আছে৷ কিন্তু চৰকাৰে উদ্ভাৱন কৰা নতুন ফৰ্মুলাই তেনেকুৱা বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে অন্যায় কৰিব৷”

জাতীয় পৰিষদৰ মতে, চৰকাৰে এই কথাটো কেনেকৈ ভাৱিবলৈ পালে যে পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে শিক্ষাৰ্থীয়ে এবাৰ পৰীক্ষা দিব আৰু চাকৰিৰ বাবে মাৰ্কশ্বীট পোৱাৰ প্ৰয়োজনত আকৌ পৰীক্ষা দিব৷
প্ৰায় আটাইখিনি শিক্ষাৰ্থীয়ে শিক্ষা সাং কৰি চাকৰি এটা পোৱাৰ প্ৰত্যাশা কৰে৷ কিন্তু এতিয়া এবাৰ পৰীক্ষা দি চাকৰিৰ মাৰ্কশ্বীটৰ কাৰণে আকৌ পৰীক্ষা দিবলগা নীতিয়ে একেখিনি শিক্ষাৰ্থীক দুবাৰকৈ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বাধ্য কৰিব৷

“যদি শিক্ষাৰ্থীয়ে গ্ৰহণযোগ্য মাৰ্কশ্বীটৰ কাৰণে আকৌ পৰীক্ষা দিব লগা হয়, তেতিয়াহ’লে এই পৰীক্ষাটো পাতি সময় আৰু শক্তিৰ চৰকাৰে কিয় অপচয় কৰি আছে? যি শিক্ষাৰ্থীয়ে এতিয়া পঢ়ি পৰীক্ষা দিব, তেওঁলোকে ২০২২ চনত তেওঁলোকে সেই সময়ত অধ্যয়ন কৰিবলগা বিষয়ৰ পঢ়া-শুনা কৰিব নে এবছৰ আগত এৰি থৈ অহা পুৰণি পাঠ্যক্ৰমৰ পঢ়া-শুনা কৰিব?” – ৰহমানে প্ৰশ্ন কৰে৷

জাতীয় পৰিষদৰ মতে, চৰকাৰে বিকল্প পৰীক্ষা পদ্ধতিৰ কথা ঘোষণা কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰী, অভিৱাৱক সমাজ আৰু শিক্ষক সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দলে সকলো পক্ষৰ সৈতে কথা পাতি তেখেতসকলৰ বক্তব্যখিনিকে চৰকাৰৰ ওচৰত দাঙি ধৰিছে৷ এই অদ্ভূত বিকল্প পৰীক্ষা পদ্ধতি বাতিল কৰি এটা গ্ৰহণযোগ্য সমাধান সূত্ৰ উদ্ভাৱনৰ দিশত কাম কৰিবলৈ আজিৰ সংবাদ মেলৰ জৰিয়তে জাতীয় পৰিষদে চৰকাৰক আহ্বান জনায়৷

Related News