NORTHEAST NOW (Assamese)

৭ সহস্ৰাধিক সমৰ্থক সহ মাৰ্ঘেৰিটাত অজাপৰ ৰাজ্যিক সম্পাদক সঞ্জয় কুমাৰ দেৱৰ মনোনয়ন পত্ৰ দাখিল

March 9, 2021 7:01 pm · মানস প্ৰতিম গগৈ

 ৭ সহস্ৰাধিক সমৰ্থক সহ মাৰ্ঘেৰিটাত অসম জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক সঞ্জয় কুমাৰ দেৱে আজি ১২৪নং মাৰ্ঘেৰিটা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে।

মাৰ্ঘেৰিটা চাংলাং তিনিআলিৰ পৰা প্ৰায় ৫ কিঃমিঃ পথ পদযাত্ৰা কৰি আহি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চ স্থিত আছুৰ শ্বহীদ বেদীত সেৱা জনাই সঞ্জয় দেৱে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ত মহকুমাধিপতি সম্প্ৰতি গোস্বামীৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে।

বৃহত্তৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় ৰাইজে আজিৰ এই মনোনয়ন পত্ৰৰ দাখিলৰ বাবে উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

আজিৰ শোভাযাত্ৰাই সমষ্টিত এইবাৰ যে এক শক্তিশালী ৰাজনৈতিক যুঁ‌জ হ’ব সেইয়া নিশ্চিত কৰিলে  বুলি চৰ্চা চলিছে।

অন্যহাতে  সঞ্জয় কুমাৰ দেৱৰ মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই।

সাংবাদিকৰ আগত কয় যে ৰাইজে সিদ্ধান্ত  লৈছে যে মাৰ্ঘেৰিটাৰ সামগ্ৰী উন্নয়নৰ স্বাৰ্থত অজাপৰ শক্তিশালী প্ৰাৰ্থী সঞ্জয় কুমাৰ দেৱক ৰাইজে জয়যুক্ত কৰাবই সেইয়া নিশ্চিত।

তেওঁ  লগতে কয় যে দুৰ্নীতি তথা অসম বিৰোধী যি এক পৰিৱেশ বিজেপি নেতৃত্বাধীন চৰকাৰ সৃষ্টি কৰিছে সেয়া জনসাধাৰণে বুজি উঠিছে।

ৰাইজে ইভিএমত এইবাৰ কেৱল জাহাজ চলাব বুলি তেওঁ উল্লেখ কৰে।

অন্যহাতে অজাপৰ মাৰ্ঘেৰিটাৰ প্ৰাৰ্থী ৰাজ্যিক সম্পাদক সঞ্জয় কুমাৰ দেৱ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গ’ল।

দেৱে কয় যে ভাস্কৰ শৰ্মাৰ স্থিতি দুৰ্বল হোৱাৰ বাবেই অসমৰ অৰ্থনৈতিক ভেটিৰ অন্যতম উত্তৰ পূৱ কয়লা ক্ষেত্ৰ আজি বন্ধ হৈ পৰাত মাৰ্ঘেৰিটাৰ লগতে অসমৰ অৰ্থনীতিত  যথেষ্ট কু প্ৰভাৱ পৰিছে।

উত্তৰ পূৱ কয়লা খনি বন্ধ হৈ পৰাৰ বাবেই আজি মাৰ্ঘেৰিটাত যথেষ্ট নিবনুৱা সমস্যাৰ বৃদ্ধি পাবলৈ ধৰিছে। এইবাৰ অসমীয়াৰ জয় হ’ব। অসমে এখন নতুন চৰকাৰ দেখিবলৈ পাব বুলি তেওঁ উল্লেখ কৰে।

আজিৰ অজাপই মনোনয়ন পত্ৰ দাখিলৰ  বাবে উলিওৱা শোভাযাত্ৰাত ক্ষুদ্ৰ জনগোষ্ঠী সমূহ ক্ৰমে চিংফৌ, চেমা, টাংচা, টাইখামিয়িং উপৰিও টাই আহোম, বেঙ্গলী, সোণোৱাল কছাৰী, নেপালী, মৰাণ, মটক, চাহ জনগোষ্ঠীৰ বৃহৎ সংখ্যক ৰাইজে অংশগ্ৰহণ কৰাত  মাৰ্ঘেৰিটাত যে এইবাৰ নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হ’ব সেইয়া নিশ্চিত হৈ পৰিছে।

Related News