DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৭ সহস্ৰাধিক সমৰ্থক সহ মাৰ্ঘেৰিটাত অজাপৰ ৰাজ্যিক সম্পাদক সঞ্জয় কুমাৰ দেৱৰ মনোনয়ন পত্ৰ দাখিল

ৰাইজে ইভিএমত এইবাৰ কেৱল জাহাজ চলাব: জগদীশ ভূঞা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
March 9, 2021 7:01 pm
a mrgherita123
911
VIEWS
Share on FacebookShare on Twitter

 ৭ সহস্ৰাধিক সমৰ্থক সহ মাৰ্ঘেৰিটাত অসম জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক সঞ্জয় কুমাৰ দেৱে আজি ১২৪নং মাৰ্ঘেৰিটা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে।

মাৰ্ঘেৰিটা চাংলাং তিনিআলিৰ পৰা প্ৰায় ৫ কিঃমিঃ পথ পদযাত্ৰা কৰি আহি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চ স্থিত আছুৰ শ্বহীদ বেদীত সেৱা জনাই সঞ্জয় দেৱে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ত মহকুমাধিপতি সম্প্ৰতি গোস্বামীৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে।

বৃহত্তৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় ৰাইজে আজিৰ এই মনোনয়ন পত্ৰৰ দাখিলৰ বাবে উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

আজিৰ শোভাযাত্ৰাই সমষ্টিত এইবাৰ যে এক শক্তিশালী ৰাজনৈতিক যুঁ‌জ হ’ব সেইয়া নিশ্চিত কৰিলে  বুলি চৰ্চা চলিছে।

অন্যহাতে  সঞ্জয় কুমাৰ দেৱৰ মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই।

সাংবাদিকৰ আগত কয় যে ৰাইজে সিদ্ধান্ত  লৈছে যে মাৰ্ঘেৰিটাৰ সামগ্ৰী উন্নয়নৰ স্বাৰ্থত অজাপৰ শক্তিশালী প্ৰাৰ্থী সঞ্জয় কুমাৰ দেৱক ৰাইজে জয়যুক্ত কৰাবই সেইয়া নিশ্চিত।

তেওঁ  লগতে কয় যে দুৰ্নীতি তথা অসম বিৰোধী যি এক পৰিৱেশ বিজেপি নেতৃত্বাধীন চৰকাৰ সৃষ্টি কৰিছে সেয়া জনসাধাৰণে বুজি উঠিছে।

ৰাইজে ইভিএমত এইবাৰ কেৱল জাহাজ চলাব বুলি তেওঁ উল্লেখ কৰে।

অন্যহাতে অজাপৰ মাৰ্ঘেৰিটাৰ প্ৰাৰ্থী ৰাজ্যিক সম্পাদক সঞ্জয় কুমাৰ দেৱ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গ’ল।

দেৱে কয় যে ভাস্কৰ শৰ্মাৰ স্থিতি দুৰ্বল হোৱাৰ বাবেই অসমৰ অৰ্থনৈতিক ভেটিৰ অন্যতম উত্তৰ পূৱ কয়লা ক্ষেত্ৰ আজি বন্ধ হৈ পৰাত মাৰ্ঘেৰিটাৰ লগতে অসমৰ অৰ্থনীতিত  যথেষ্ট কু প্ৰভাৱ পৰিছে।

উত্তৰ পূৱ কয়লা খনি বন্ধ হৈ পৰাৰ বাবেই আজি মাৰ্ঘেৰিটাত যথেষ্ট নিবনুৱা সমস্যাৰ বৃদ্ধি পাবলৈ ধৰিছে। এইবাৰ অসমীয়াৰ জয় হ’ব। অসমে এখন নতুন চৰকাৰ দেখিবলৈ পাব বুলি তেওঁ উল্লেখ কৰে।

আজিৰ অজাপই মনোনয়ন পত্ৰ দাখিলৰ  বাবে উলিওৱা শোভাযাত্ৰাত ক্ষুদ্ৰ জনগোষ্ঠী সমূহ ক্ৰমে চিংফৌ, চেমা, টাংচা, টাইখামিয়িং উপৰিও টাই আহোম, বেঙ্গলী, সোণোৱাল কছাৰী, নেপালী, মৰাণ, মটক, চাহ জনগোষ্ঠীৰ বৃহৎ সংখ্যক ৰাইজে অংশগ্ৰহণ কৰাত  মাৰ্ঘেৰিটাত যে এইবাৰ নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হ’ব সেইয়া নিশ্চিত হৈ পৰিছে।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd