মঙলবাৰে দিল্লীৰ আপ চৰকাৰৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটখন দাখিল কৰা হয়।
দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াই বিধানসভাত দাখিল কৰা বাজেটখনক ‘দেশভক্তি বাজেট’ হিচাপে অভিহিত কৰে।
বাজেটখন ভাৰতৰ স্বাধিনতা ৭৫ বছৰ পূৰ্তি হোৱাৰ উপলক্ষে বিশেষভাৱে প্ৰস্তুক কৰা বুলি উপমুখ্যমন্ত্ৰীজনে জনায়।
”মই অত্যন্ত সুখী হৈছো যে দেশে স্বাধিনতাৰ ৭৫ বৰ্ষপুতি উদযাপন কৰাৰ সময়তে এই বাজেটখন দাখিল কৰিবলৈ লৈছো।” ডেৰ ঘণ্টীয়া বাজেট ভাষণত ছিছ’দিয়াই কয়।
৬৯,০০০ কোটি টকাৰ বাজেটখনত ক’ভিড-১৯ ভেকচিনেচনক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।
ছিছ’দিয়াই ঘোষণা কৰে যে চৰকাৰে চৰকাৰী হস্পিতালসমূহত বিনামূলীয়াকৈ ভেকচিনেচনৰ বাবে ৫০ কোটি টকা আবণ্টন কৰিব।
শিক্ষাখণ্ডক লৈয়ো আপ চৰকাৰে বাজেটত বিশেষ ব্যৱস্থা হাতত লৈছে।
ছিছ’দিয়াই কয় যে দিল্লীৰ বিভিন্ন অঞ্চলত ১০০খনকৈ বিশেষ পাৰদৰ্শী বিদ্যালয় মুকলি কৰা হ’ব।
উল্লেখযোগ্য যে বাজেটত এক চতুৰ্থাংশ পুঁজি শিক্ষাখণ্ডৰ বাবে ধাৰ্য কৰা হৈছে।
শিক্ষাখণ্ডত ১৬,৩৭৭ কোটি টকা ধাৰ্য কৰাৰ বিপীতে স্বাস্থ্যখণ্ডৰ বাবে ধাৰ্য কৰা হৈছে ৯,৯৩৪ কোটি টকা।
তদুপৰি ২০৪৭ চনৰ ভিতৰত দিল্লীৰ জনমূৰী আয় ছিংগাপুৰৰ সমপৰিমাণৰ কৰি তোলাৰ বাবে আপ চৰকাৰে ব্যৱস্থা লোৱা বুলি ছিছ’দিয়াই কয়।
”এইটো কঠিন কিন্তু ইয়াক সফল কৰি তুলিবৰ বাবে আমি কাম কৰি যাম।” তেওঁ কয়।
তদুপৰি ২০৪৮ চনৰ অলিম্পিক প্ৰতিযোগিতা দিল্লীত অনুষ্ঠিত কৰিবৰ বাবেও তেওঁলোকে লক্ষ্য লোৱা বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে ডিজিটেলী প্ৰস্তুত এই বাজেটখনৰ দ্বাৰা প্ৰথমবাৰৰ বাবে দিল্লীত কাগজত নিলিখা বাজেট দাখিল কৰা হয়।