• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লী-নাগপুৰক আনুগত্য দেখুৱালৈ গৈ অসমৰ নিবনুৱাৰ ভৱিষ্যতক পণবন্দী নকৰিব: জাতীয় যুৱ শক্তি

অসমৰ স্থানীয় নিবনুৱাৰ বাবে ৰাজ্য চৰকাৰৰ চাকৰিত ১০০ শতাংশ, বেচৰকাৰী চাকৰিত ৮০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰক

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
August 20, 2022 3:14 pm
দিল্লী-নাগপুৰক আনুগত্য দেখুৱালৈ গৈ অসমৰ নিবনুৱাৰ ভৱিষ্যতক পণবন্দী নকৰিব: জাতীয় যুৱ শক্তি
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে এক সংবাদমেলত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে সংবাদ মেল অনুষ্ঠিত কৰি দিল্লী নাগপুৰক আনুগত্য দেখুৱাবলৈ গৈ অসমৰ নিবনুৱাৰ ভৱিষ্যতক পণবন্দী নকৰিব বুলি চৰকাৰক সকীয়াই দি এক মন্তব্য কৰে।

উক্ত সংবাদমেলত যুৱ শক্তিৰ সভাপতি লাকীমণি বৰুৱাই কয়, “কাইলৈ, অর্থাৎ ২১ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত হিন্দী ভাষাৰ প্ৰশ্ন কাকত ৰখা ব্যৱস্থাৰ আমি জাতীয় যুৱ শক্তিয়ে তীব্ৰ বিৰোধিতা কৰো৷ আমি হিন্দী ভাষাৰ বিৰোধী নহয়৷ হিন্দী ভাষা আৰু হিন্দীভাষী লোকসকলৰ প্ৰতি আমাৰ পূৰ্ণ শ্ৰদ্ধা আৰু আন্তৰিকতা আছে। কিন্তু চৰকাৰী চাকৰিৰ প্ৰশ্ন কাকতত হিন্দী ভাষাৰ সংযোজন এটা বৃহৎ ৰাজনৈতিক ষড়যন্ত্রৰ অংশ বিশেষ। সেয়ে আমি ইয়াৰ বিৰোধিতা কৰো৷”

লগতে পঢ়ক: কলিয়াবৰৰ নিজ কৰ্মস্থলীত উপস্থিত কমনৱেলথ গেমচত সোণৰ পদক বিজয়ী নয়নমণি শইকীয়া

“ইয়াৰ জৰিয়তে বিহাৰ উত্তৰ প্ৰদেশৰ দৰে হিন্দী বলয়ৰ প্ৰাৰ্থীক অসমৰ চৰকাৰী চাকৰিত মকৰল কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে৷ ইয়াৰ পূৰ্বে আমি দেখিছো যে বিহাৰ-উত্তৰ প্ৰদেশৰ অসমীয়া নজনা হিন্দীভাষী ব্যক্তিক অসমৰ প্রাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। আমি জানো যে সংঘ পৰিবাৰৰ হিন্দী-হিন্দু-হিন্দুস্তান নীতিৰ অংশস্বৰূপে অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ দিনৰে পৰা হিন্দী ভাষা-সংস্কৃতি অসমীয়া জাতিৰ ওপৰত জাপি দি অসমীয়া ভাষা-সংস্কৃতিক দুর্বল কৰাৰ প্ৰয়াস চলাই থকা হৈছে”-তেওঁ লগতে কয়।

তেওঁ পুনৰ কয়, “শেহতীয়াভাৱে মাননীয় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিল্লী-নাগপুৰৰ ওচৰত তেখেতৰ আনুগত্য প্ৰদৰ্শনৰ উদ্দেশ্যেই অসমৰ সৰ্বত্ৰে হিন্দী ভাষা-সংস্কৃতিৰ আগ্ৰাসন বাঢ়িবলৈ সুযোগ দিছে৷ অসমৰ চৰকাৰী চাকৰিত হিন্দী ভাষাৰ প্ৰশ্ন কাকত তাৰেই অংশ বিশেষ।‘’

ইয়াৰ পূৰ্বে অসম চৰকাৰৰ চাকৰিত হিন্দী প্ৰশ্ন কাকতৰ ব্যৱস্থা নাছিল৷ এতিয়া হিন্দী সংযোজনেৰে কৰা নতুন ব্যৱস্থাই ভৱিষ্যতলৈ অসমৰ নিবনুৱাই চাকৰি পোৱাৰ বাট ৰুদ্ধ কৰিব বুলিও বৰুৱাই উল্লেখ কৰে ৷

লগতে পঢ়ক: মহানগৰীত পুনৰ ছিলিণ্ডাৰ বিস্ফোৰণ; ৪ টাকৈ ছিলিণ্ডাৰ বিস্ফোৰণত কঁপি উঠিল ভঙাগড়

যুৱ শক্তিৰ সভাপতিগৰাকীয়ে কয়, ’’অসমত নিবনুৱা সমস্যাই কেনেকুৱা ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেয়া এইবাৰৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশৰ পিছতেই স্পষ্ট হৈ পৰিছে৷ এইবাৰ মাত্ৰ ৩০ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ হৈছে৷ কিন্তু আৱেদন কৰিছে ১৪ লাখ নিবনুৱাই। মুখমন্ত্রী মহোদয়ে ১০ মে ২০২২ ভিতৰত গণি গণি ১ লাখ চাকৰি দিম বুলি যে কৈছিল, সেয়া ফুটুকাৰ ফেন হ’ল৷ গতিকে, অসমত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰি থকা অৱস্থাত বিহাৰ-উত্তৰ প্ৰদেশৰ প্ৰাৰ্থীৰ বাবে আমাৰ ৰাজ্যৰ চাকৰি মুকলি কৰি দিয়াটো মুঠেই সমর্থনযোগ্য নহয়৷”

“আমি আগৰে পৰাই কৈ আহিছো যে অসমৰ চৰকাৰী তথা ৰাজহুৱা খণ্ডৰ চাকৰিৰ ১০০ শতাংশ আৰু বেচৰকাৰী তথা ব্যক্তিগত খণ্ডৰ চাকৰিৰ ৮০ শতাংশ অসমৰ স্থানীয় যুৱক-যুৱতীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰক৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ পৰামৰ্শ প্ৰদানৰ অর্থে গঠিত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা কমিটীয়েও থলুৱাৰ বাবে সংৰক্ষণৰ পৰামৰ্শ দিছে,’’-বৰুৱাই কয়।

লগতে পঢ়ক: গাত ঘহি ল’লে বাটৰ কচু! আৰক্ষীক গালি দিবলৈ ১২,০০০ বাৰ ফোন! গ্ৰেপ্তাৰ মহিলা

ভাৰতৰ কেইবাখনো ৰাজ্যই তেওঁলোকৰ ৰাজ্যৰ চাকৰিত সংৰক্ষণৰ ব্যৱস্থা কৰি আইন প্ৰৱৰ্তন কৰিছে। বিজেপি শাসিত ৰাজ্য হাৰিয়ানাৰ Haryana State Employment of Local Candidates Act 2020 আইনে স্থানীয় নিবনুৱাৰ বাবে ৭৫ শতাংশ সংৰক্ষণৰ কথা কৈছে। মহাৰাষ্ট্ৰত মাৰাঠীভাষী নিবনুৱাৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা ৰখা হৈছে৷

‘’মধ্য প্রদেশ, গুজৰাট, কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশতো স্থানীয় নিবনুৱাৰ বাবে চাকৰিত সংৰক্ষণৰ ব্যৱস্থা আছে। গতিকে অসমৰ চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডৰ চাকৰিত সংৰক্ষণ প্ৰৱৰ্তনৰ হকে আইন প্ৰণয়ন কৰিবলৈ আমি ৰাজ্য চৰকাৰক আহ্বান জনাওঁ,”-বুলি তেওঁ শেষত কয়।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd