মৰিগাঁৱত মূল্য বৃদ্ধিৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ যুৱ-ছাত্ৰৰ

WhatsApp Image 2021-02-05 at 8.12.01 PM

ফটো: নৰ্থইষ্ট নাও।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নিৰ্দেশ মৰ্মে আজি মৰিগাঁৱতো জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত চহৰখনৰ মাজমজিয়াত পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰে।

পৰিষদৰ জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত প্ৰায় ৩০ জনৰো অধিক প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় পেট্ৰলিয়ামমন্ত্ৰী মুৰ্দাবাদ, পেট্ৰ’ল ডিজেলৰ মুল্য হ্ৰাস কৰক, নৰেন্দ্ৰ মোডী হুচিয়াৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল’গান দিয়ে।

ইপিনে, প্ৰতিবাদকাৰীসকলে পুত্তলিকা দাহ কৰিবলৈ লওঁতেই সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে এটা আৰক্ষী দলে প্ৰতিবাদকাৰীসকলক পুত্তলিকা দাহ কৰাত বাধাপ্ৰদান কৰে।

ইয়াৰ পাছতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ বাক্ যুদ্ধ হয়। জিলা সমিতিৰ সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমে আৰক্ষী প্ৰশাসনৰ এনে কাৰ্যক ধিক্কাৰ দি কয় যে গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক মাধ্যমেৰে নিৰ্বাচিত চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে চৰকাৰে এনেদৰে বাধা দিয়াটোৱে হৈছে অগণতান্ত্ৰিক কাৰ্য।

আনহাতে, যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰী দলটোক কিছু সময়ৰ পিছতেই আৰক্ষীয়ে পৰিষদৰ জিলা সমিতিৰ সভাপতি-সাধাৰণ সম্পাদকৰ লগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মমিন চন্দ্ৰ দাসকে ধৰি প্ৰায় ২৫ গৰাকী প্ৰতিবাদকাৰীক আটক কৰে যদিও পিছমূহূৰ্ততে মুকলি কৰি দিয়ে।