NORTHEAST NOW (Assamese)

পিয়াঁজ-আলুৰ উৰ্ধমুখী দামৰ বিপৰীতে বিজেপি নেতাৰ টুলুঙা মন্তব্যক লৈ প্ৰতিক্ৰিয়া এজেৱাইচিপিৰ

November 6, 2020 12:22 pm · নিৰ্মলেন্দু পাঠক
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যত বৰ্তমান বজাৰত আলু-পিয়াঁজৰ উৰ্ধমুখী দামে সাধাৰণ ৰাইজক জ্বলা-কলা খুওৱাৰ সময়তে শাসকীয় দলৰ একাংশ নেতা-পালিনেতাৰ কেতবোৰ টুলুঙা মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে টীয়কত।

সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰৰ ব্যৰ্থতাক ঢাকিবৰ বাবে চলোৱা নেতাৰ এনে সস্তীয়া মন্তব্যক গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি টীয়কৰ বিভিন্ন দল-সংগঠনে।

লগতে এই ক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ পোনটপটীয়া হস্তক্ষেপ বিচাৰিছে সচেতন মহলে।

উল্লেখযোগ্য যে সমগ্ৰ দেশতে কৃষি বিধেয়কৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদ চলিছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে সেই প্ৰতিবাদৰ প্ৰতি কানসাৰ নিদি দেশত কৃষি আইন গৃহীত কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আলু পিয়াঁজকে ধৰি বহুতো সামগ্ৰী আঁতৰাই পেলোৱা হ’ল।

এই আইন কেইখনে কৃষক সকলৰ লগতে সাধাৰণ জনতাক উপকৃত কৰিব বুলি বিজেপিয়ে আশ্বাস দিছিল যদিও বাস্তৱত সেয়া হৈ নুঠিল বুলি মন্তব্য কৰিছে দল-সংগঠনে।

Related News