• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক তৃতীয় আৰু পঞ্চম সংযোজন এলেকাৰ ভূমি হস্তান্তৰ ৰাজহ বিভাগৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
November 6, 2020 12:39 pm
12.02.17 (6)~2

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় আৰু পঞ্চম সংযোজন এলেকাৰ প্ৰসাৰিত ভূমি আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক অৰ্পণ কৰে বোকাখাত মহকুমাৰ ৰাজহ বিভাগে ৷

উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ মতেই গোলাঘাটৰ উপায়ুক্তৰ বিশেষ তৎপৰতাত এই ভুমি হস্তান্তৰিত কৰা হয় ৷

Apply Now

উল্লেখ্য যে উচ্চ ন্যায়লয়ে কাজিৰঙাৰ দ্বিতীয়, তৃতীয় আৰু পঞ্চম সংযোজন এলেকা শীঘ্ৰেই উদ্যান কৰ্তৃপক্ষক অৰ্পন কৰিবৰ বাবে গোলাঘাট জিলা প্ৰশাসনক নিৰ্দেশ দিছে আৰু ২৩ নবেম্বৰৰ ভিতৰত এই সংক্ৰান্তত প্ৰতিবাদ দাখিল কৰিবৰ বাবেও ৰাজহ বিভাগক জনাইছে ৷

যাৰ বাবে বোকাখাতৰ মহকুমাধিপতি বিপুল দাস আৰু ৰাজহ বিষয়া মানসজ্যোতি নাথে যোৱা ৪ নবেম্বৰৰ দিনা তৃতীয় আৰু পঞ্চম সংযোজন এলেকাত উপস্থিত হৈ কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ হাতত সংযোজন দুটা আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে ৷

উল্লেখ্য যে ১৯৮৫ চনৰ ৩১ মে’ বোকাখাতৰ পানবাৰী সংৰক্ষিত বনাঞ্চলৰ কাষৰীয় মেথনি চাহ বাগিচা আৰু শিলজুৰি কাকজুৰিৰ মুঠ ৫৪৩ বিঘা , ৩ কঠা, ১৮ লোচা ভুমিৰ পৰিসৰক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় সংযোজন হিচাবে ঘোষণা কৰিছিল ৷

ইয়াৰে ১০১ বিঘা, ৩ কঠা, ১৫ লোচা মাটি পুৰ্বেই দখল চমজাই দিয়াৰ পিচত অঞ্চলটোৰ বাকী থকা ৪৪২ বিঘা, ০ কঠা, ০৩ লোচা ভুমি বুধবাৰৰ দিনা আনুষ্ঠানিকভাৱে হস্তান্তৰিত কৰে ৰাজহ বিভাগে ৷

একেদৰে ১৯৮৫ চনৰ ১৩ জুনত বোকাখাত মহকুমাৰে হালধীবাৰী অঞ্চলৰ ৫৭৯ বিঘা, ২ কঠা ,১৮ লোচা ভুমি কাজিৰঙাৰ পঞ্চম সংযোজন হিচাবে ঘোষণা কৰা হৈছিল ৷ এই সংযোজনৰ মুঠ ২৭৩ বিঘা , ৪ কঠা , ০১ লোচা মাটি পুৰ্বে দখল চমজোৱাৰ  পিচত বাকী থকা মুঠ ৩০৫ বিঘা, ৩ কঠা, ১৭ লোচা ভুমি বুধবাৰৰ দিনা কাজিৰঙাক হস্তান্তৰিত কৰা হয় ৷

কাজিৰঙাৰ এই তৃতীয় আৰু পঞ্চম সংযোজন এলেকা ৰাষ্ট্ৰীয় উদ্যানখনৰ অতি গুৰুত্বপুৰ্ণ এনিমেল কৰিডৰ হিচাবে স্বীকৃত ৷ বানপানীৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখন জলমগ্ন হোৱাৰ সময়ত বন্যপ্ৰাণীয়ে এই দুই এনিমেল কৰিডৰেদিয়েই আশ্ৰয় বিচাৰি দক্ষিণৰ কাৰ্বি আংলং জিলাৰ পাহাৰলৈ প্ৰব্ৰজন কৰে ৷

বুধবাৰৰ দিনা বোকাখাত মহকুমাৰ ৰাজহ বিভাগৰ অধীনত পুৰ্বেই তৃতীয় সংযোজনৰ নামত পঞ্জীয়ন হৈ থকা অধিগ্ৰহণ গোচৰ ১/ ৯১-৯২ আৰু ২/৯১-৯২ আৰু পঞ্চম সংযোজনৰ নামত থকা অধিগ্ৰহণ গোচৰ ৩ / ৮৮ -৮৯ আনুষ্ঠানিক ভাৱে নিস্পত্তি কৰা হয় ৷

ইফালে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বিতীয় সংযোজন এলেকা হস্তান্তৰিত কৰাৰ বাবে এতিয়াও কাৰ্য ব্যৱস্থা হাতত লোৱা নাই বোকাখাতৰ ৰাজহ বিভাগে ৷

উল্লেখ্য যে ১৯৮৫ ৰ ১০ জুলাইত বোকাখাত মহকুমাৰ শিলডুবি, হাতীখুলি চাহ বাগিছা আৰু কাজিৰঙাৰ নন কেডেষ্টিল এলেকাৰ মুঠ ৪৯৫৫ বিঘা, ৩ কঠা , ৯ লোচা ভুমিৰ এলেকাক ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বিতীয় সংযোজন হিচাবে ঘোষণা কৰা হৈছিল ৷

এই এলেকাৰ ৩৪০৭ বিঘা, ১ কঠা মাটিৰ দখল চমজাই দিয়াৰ পিচত সম্প্ৰতি ১৫৪৮ বিঘা, ২ কঠা , ৯ লোচা মাটি আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক হস্তান্তৰিত কৰিবলৈ বাকী আছে ৷

এই সংক্ৰান্তত বোকাখাত ৰাজহ চক্ৰৰ কাৰ্যায়ত ৪/ ৮৯-৯০ আৰু ৫/ ৮৯-৯০ নম্বৰৰ দুটা অধিগ্ৰহণ গোচৰ পঞ্জীয়ন হৈ আছে ৷ তৃতীয় আৰু পঞ্চম সংযোজনৰ পিছত এতিয়া কাজিৰঙাৰ দ্বিতীয় সংযোজন এলেকা আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক দিবলৈ বাকী ৷

ৰাজহ বিভাগৰ মতে তৃতীয় সংযোজন এলেকাত ১৪ ঘৰ লোকে আৰু পঞ্চম সংযোজনত ১৮ ঘৰ লোকে কৃষি কাৰ্যৰ বাবে পামঘৰ নিৰ্মাণ কৰিছিল ৷ এই লোক সকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত আঁতৰি যাবৰ বাবে জাননী জাৰি কৰিছে বোকাখাতৰ ৰাজহ বিভাগে ৷

এই পৰিয়াল সমুহক ৰাজহ বিভাগৰ তথ্যৰ আধাৰত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিছে ৰাজহ বিভাগে ৷

উল্লেখিত দুয়োটা সংযোজনৰ ভুমি আনুষ্ঠানিকভাৱে হস্তান্তৰিত হোৱাৰ পিছতেই অঞ্চল দুটাত বন বিভাগে নিজাকৈ কাৰ্য আঁচনি হাতত লৈছে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd