NORTHEAST NOW (Assamese)

আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰয়োজনীয়তা শীৰ্ষক আলোচনা চক্ৰ যুৱ ছাত্ৰ পৰিষদৰ

August 26, 2018 3:00 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে শনিবাৰে নগাঁও প্ৰেছ ক্লাবত জিলা সমিতিৰ উদ্যোগত ‘অসমবাসীৰ সুৰক্ষাৰ স্বাৰ্থত শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰয়োজন’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

আলোচনা চক্ৰখনত আলোচক হিচাপে নগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ মনোজ কুমাৰ নাথ আৰু নগাঁও আইন মহাবিদ্যালয়ৰ অধ্যক্ষা সুজাতা ভট্টাচাৰ্যই অংশগ্ৰহণ কৰি কয় যে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা সাম্প্ৰতিক সময়ত খুবেই জৰুৰী হৈ পৰিছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাসংগিকতাৰ ১০০ শতাংশ সফল ৰূপায়ণৰ বাবেও আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য।

বৃটিছ আমোলাৰ পৰা প্ৰৱৰ্তিত উক্ত ব্যৱস্থা মাধ্যমেৰে ভাৰত চৰকাৰে শীঘ্ৰেই অসমৰ খিলঞ্জীয়া জনসাধাৰণক এক প্ৰকাৰ সুৰক্ষা কৱচ হিচাপে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে বুলি দুয়োগৰাকী বক্তাই মন্তব্য কৰে। তাৰোপৰি ৪০ বছৰীয়া উক্ত দাবীৰ ন্যায্যতা প্ৰাপ্তিৰ ক্ষেত্ৰত কি কি আইনী ব্যৱস্থা পৰিষদে পাৰ কৰিব লাগিব তাৰ সাৱলীল  যুক্তিও দাঙি ধৰে।

আলোচনা চক্ৰখনৰ সঞ্চালনা কৰে পৰিষদৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰূপক চন্দ্ৰ বৰাই। জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই আঁ‌ত ধৰা আলোচনা চক্ৰখনত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰবীন চন্দ্ৰ দাস, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰদীপ শইকীয়া, জিলা আৰু আঞ্চলিক সমিতিৰ শতাধিক সদস্যৰ উপৰি জিলাখনৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Related News