NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ পুনৰ মুকলিৰ দাবীত লিডুত যুৱ ছাত্ৰৰ অৱস্থান ধৰ্মঘট

January 28, 2022 6:41 am · মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

বিগত প্ৰায় দুবছৰ ধৰি বন্ধ হৈ থকা উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটা মুকলিৰ দাবীৰে লিডু কালীবাৰী ৰঙ্গমঞ্চত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনি ঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰ অসম তথা ভাৰতৰে অৰ্থনৈতিক ভেটি টনকিয়ালত কৰাত অৰিহণা আগবঢ়োৱা খনিজ প্ৰতিষ্ঠানটো বন্ধ হৈ থকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰাই অতিশীঘ্ৰে উদ্যোগ প্ৰতিষ্ঠানটো মুকলি কৰাৰ দাবী জনায়।

স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাকো মাৰ্ঘেৰিটাৰ এই কেন্দ্ৰীয় প্ৰতিষ্ঠানটো মুকলিৰ ক্ষেত্ৰতো দৃঢ় পদক্ষেপ ল’বৰ বাবে দাবী জনোৱাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে লিডু অঞ্চলত চলি থকা অবৈধ খনি সমূহ বন্ধ কৰাৰো দাবী উত্থাপন কৰে। আনহাতে অবৈধ ভাবে চলি থকা চোৰাং কয়লাৰ সন্দৰ্ভতো মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈও এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে পৰিষদে।

উল্লেখ যে ক’ল ইণ্ডিয়া বন্ধ থকাৰ পাছতো একাংশ কয়লা মাফিয়াই বৰ্তমানেও চোৰাং কৈ লিডু, বৰগোলাই, নামদাং, বম গাড়া, লেখাপানী লালপাহাৰ, জাগুন নামফাই আদি অঞ্চলৰ পৰা দৈনিক চোৰাং কয়লা ৰাজ্যখনৰ বিভিন্ন স্থানলৈ ট্ৰাক, ট্ৰেইলাৰ গাড়ীৰে সৰবৰাহ কৰি আহিছে।

ফলত উত্তৰ পূৱ কয়লা ক্ষেত্ৰত মৃত্যু ঘন্টা বাজিছে। এইক্ষেত্ৰত বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ জনৈক গুৰুং, চেত্ৰী, বৰকাকতি, চেতিয়া আদি চোৰাং কয়লা চোৰৰ নেতৃত্ব দৈনিক চোৰাং কয়লা সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে পৰিষদে।

এইক্ষেত্ৰত আৰক্ষী প্ৰশাসন সম্পূৰ্ণ চুকা মুদা কুলিৰ ভাও প্ৰৰ্দশন কৰি অহাৰো অভিযোগ তুলিছে যুৱ-ছাত্ৰ সংগঠনটোৱে।

Related News