NORTHEAST NOW (Assamese)

বনজ সম্পদৰ অবাধ লুন্ঠনৰ প্ৰতিবাদ : মাৰ্ঘেৰিটাত যুৱ ছাত্ৰৰ দ্বাৰা বনমন্ত্ৰীৰ পুত্তলিকা দাহ

November 23, 2018 6:58 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত কাঠ, বালি, শিলৰ অবাধ লুন্ঠনৰ অভিযোগ তুলি ইয়াৰ  বিৰুদ্ধে  সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। সংগঠনটোৱে আজি মাৰ্ঘেৰিটা নগৰৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পুত্তলিকা দাহ কৰি এই লুন্ঠন ৰাজৰ তীব্ৰ প্ৰতিবাদ জনায়।

ডিগবৈ বন মংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাৰ জাগুন লেখাপানী মাৰ্ঘেৰিটা আদিৰ লগতে ইয়াৰ উপকন্ঠ অঞ্চলসমূহ বৰ্তমান কাঠ, বালি, শিলৰ চোৰাং বেহাৰ ভূ-স্বৰ্গত পৰিণত হৈছে।

একাংশ অসাধু ব্যৱসায়ীয়ে সংৰক্ষিত আৰু অসংৰক্ষিত বনাঞ্চলসমূহত অবাধে মুল্যবান গছ-গছনি কাটি অৰুণাচলৰ বিভিন্ন কাঠ উদ্যোগৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে। সেইদৰে বালি, শিলৰো এক বৃহৎ চোৰাং বেহা চলাই আহিছে এই অসাধু চক্ৰটোৱে।

আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক সদস্যই মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পুত্তলিকা দাহ কৰি এই লুন্ঠনৰাজৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য  ডিএফঅ বিপুল বৰাৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি আকাশ বতাহ মুখৰিত কৰি তোলে।

Related News