• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমৌৰ বিস্ফোৰণ : ৮ জনক আটক, নিহতৰ পৰিয়ালক ৫ লাখ টকাকৈ সাহায্য প্ৰদান

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ, হিতোজ্জল চেতিয়া
শিৱসাগৰ, ডিমৌ , November 23, 2018 6:39 pm

2 min read

ডিমৌৰ বিস্ফোৰণ : ৮ জনক আটক, নিহতৰ পৰিয়ালক ৫ লাখ টকাকৈ সাহায্য প্ৰদান

বিস্ফোৰণত নিহতৰ পৰিয়ালক থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ মুহূৰ্ত।

338
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে অৰ্থাৎ ২২ নৱেম্বৰৰ সন্ধিয়া শিৱসাগৰৰ ডিমৌত সংঘটিত আই ই ডি বিস্ফোৰণৰ ঘটনাৰ লগত জড়িতৰ সন্দেহত ডিমৌ আৰক্ষীয়ে আজি ৮ জন লোকক আটক কৰিছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া ডিমৌত সংঘটিত বিস্ফোৰণৰ পিছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিজিপি কুল শইকীয়াক ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰাৰ নিৰ্দেশ দিছিল।

ফলত ঘটনা সন্দৰ্ভত ডিমৌ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি আজি বিস্ফোৰণৰ ঘটনাৰ লগত জড়িতৰ সন্দেহত ৮ জন লোকক আটক কৰে। আটকাধীন লোক কেইজন ক্ৰমে প্ৰভাত সোণোৱাল, জীয়াউল হুছেইন, নিতুল হাজৰিকা, কিশোৰ পেটেল, পংকজ বৰা. বেদান্ত নাথ, ডিমাপুৰৰ টাংভিউ আৰু ইজ্জাল বুলি জানিব পৰা গৈছে।

আটকাধীন আটাইকেইজনকে সম্প্ৰতি ডিমৌ আৰক্ষী থানাত শীৰ্ষ আৰক্ষী বিষয়াই মাৰথান জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে কালিৰ ঘটনাত নিহত কমল আগৰৱালা আৰু অনুপ গুপ্তাৰ পৰিয়ালৰ নিকটআত্মীয়ক সাক্ষাৎ কৰে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই।

ইফালে নিহতসকলৰ পৰিয়ালক অসম চৰকাৰৰ হৈ থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে।

কালিৰ বিস্ফোৰণৰ ঘটনাৰ পিছতে বৰ্তমান জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জিলা প্ৰশাসনে নিৰাপত্তাৰ দিশটো গভীৰভাৱে পৰ্য্যলোচনা কৰাৰ লগতে আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহৰ লগত ঘটনাৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে।

তাৰোপৰি শিৱসাগৰ জিলাৰ লগত সংলগ্ন অসম অৰুণাচল আৰু অসম নাগালেণ্ড সীমান্তত নিৰাপত্তা কটকটীয়া কৰাৰ লগতে তীব্ৰ অভিযান চলোৱা হৈছে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd