গুৰুজনাৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিবাদত নগাঁৱত বন্ধ পতঞ্জলিৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান

ghy1

ফটো : নর্থ-ইষ্ট নাও

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰুদ্ধে পতঞ্জলিৰ উত্তৰ-পূব ভাৰতৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে বিৰূপ তথা বিতৰ্কিত মন্তব্য কৰাৰ প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে নগাঁও জিলাৰ বিভিন্ন স্থানত ব্যক্তি তথা দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

নগাঁও চহৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে মাৰোৱাৰীপট্টিস্থ পতঞ্জলি ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত যোগগুৰু ৰামদেৱৰ শিষ্য বাৰালৰ জুমুঠি দাহ কৰে। পৰিষদৰ সদস্যসকলে ৰামদেৱ মুৰ্দাবাদ, সতীনাথ গ’বেক, ৰামদেৱৰ ব্যৱসায় অসমত চলিবলৈ দিয়া নহ’ব আদি শ্লোগান দি পৰিবেশ উত্তাল কৰাৰ লগতে পতঞ্জলি ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ দুৱাৰত তলা লগাই দিয়ে।

প্ৰতিবাদৰ সময়ত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰিব বিচাৰে যদিও প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে পতঞ্জলিৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন বন্ধ ৰাখিব লাগিব বুলি সকিয়নী দিয়ে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই কয় যে অসমীয়া কৃষ্টি-সংস্কৃতি,সাহিত্যৰ বৰপেৰা চহকী কৰি থৈ যোৱা জগতগুৰু শংকৰদেৱ সন্দৰ্ভত ৰামদেৱৰ নিৰ্দেশত অহা উত্তৰ-পূব ভাৰতৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে বিতৰ্কিত মন্তব্য কৰি ক্ষমা খুজিলেই নহ’ব, তেওঁক গ্ৰেপ্তাৰ কৰি অসমলৈ আনি আদালতত হাজিৰ কৰাবহি লাগিব।

আনহাতে পৰিষদৰ উপসভাপতি মনোজ সিংহ ৰাজাকে প্ৰমুখ্য কৰি জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে বিভিন্ন আঞ্চলিকৰ পৰা অহা প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।

ইপিনে চছাইটি ফ’ৰ শ্ৰীমন্ত শংকৰদেৱৰ হৈ ডঃ সঞ্জীৱ কুমাৰ বৰকাকতীয়ে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যোগৰ লগত সামঞ্জস্য নথকা কথা কৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰুদ্ধে যি কটু মন্তব্য কৰিছে সিয়ে প্ৰমাণ কৰে তেওঁলোকৰ উদ্দেশ্য বেলেগ। মহাপুৰুষজনে যি উদাৰ সমাজব্যৱস্থা দি গৈছে সেইয়া ধ্বংস কৰি তেওঁলোকৰ কট্টৰপন্থী হিন্দুত্ববাদ প্ৰচাৰ কৰাটোৱেই মূল উদ্দেশ্য।

ইয়াৰ উপৰি ডঃ বৰকাকতিয়ে ৰামদেৱৰ শিষ্য জনৰ বক্তব্য অপমানজনক আখ্যা দি কয় যে তেওঁলোকে অসমৰ প্ৰতি হেয় দৃষ্টিভংগী পোষন কৰি আহিছে৷ পূৰ্বেও ৰামদেৱৰ এগৰাকী মেনেজাৰে শংকৰদেৱ সম্পৰ্কত কটু মন্তব্য প্ৰকাশ কৰিছিল।

বিশিষ্ট শংকৰী সাহিত্যৰ গৱেষক তিলক চন্দ্ৰ মজুমদাৰে সতীনাথ বাৰালৰ মন্তব্যৰ তীব্ৰ গৰিহনা দিয়ে। তেওঁ কয় যে বাহিৰৰ পৰা অসমক শোষণ কৰিবলৈ অহা এনে একাংশই গুৰুজনাৰ প্ৰসংগত কৰা বিতৰ্কিত মন্তব্যৰ সৰ্বস্তৰতে প্ৰতিবাদ হোৱা উচিত।