NORTHEAST NOW (Assamese)

খাদ্য সুৰক্ষা সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

September 23, 2020 6:28 pm · মানস প্ৰতিম গগৈ

এছেন্সিয়েল কম’ডিটিজ বিল ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতেই দেশজুৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে।

খাদ্য সুৰক্ষা আইনৰ সংশোধনী কৰি কেন্দ্ৰীয় চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা দাইল, পিঁ‌য়াজ, আলু, খোৱা তেল আদি কৰ্তন কৰাৰ লগতে কৃষক বিৰোধী আৰু জনস্বাৰ্থ বিৰোধী নীতি গ্ৰহণ কৰাৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে।

আজি পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ এনে নীতিৰ প্ৰতিবাদ জনাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কায্যসূচী ৰূপায়ণ কৰে।

মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ ৰাষ্ট্ৰীয় ঘাইপথত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিষদৰ সদস্যসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি  পৰিবেশ উত্তাল কৰি তোলে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৃষক বিৰোধী এই বিধেয়ক  বাতিলৰ দাবী জনোৱাৰ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰ খনে এনে হঠকাৰী পদক্ষেপ গ্ৰহণ কৰি কৃষকক ভাতে মাৰিবলৈ বিচাৰিছে বুলি কয়।

ইয়াৰ বিৰুদ্ধে সংগঠনটোৱে জনসাধাৰণৰ সহযোগত অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে।

Related News