তদন্তত সহযোগিতা আগবঢ়াব কেজৰিৱালে : চিঠি লিখি জনালে ইডিক
দিল্লী সুৰা কেলেংকাৰিৰ তদন্তৰ বাবে অষ্টমবাৰৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছে বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে। কিন্তু আজিও দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পৰা বিৰত থাকিল।
ইডিৰ প্ৰতিটো চমনক কেজৰিৱালে অবৈধ বুলি অভিহিত কৰিছে। ইফালে আজি দিল্লী বিধানসভাত দাখিল কৰা হ’ব দিল্লীৰ বাজেট। বাজেট অধিৱেশনত অংশগ্ৰহণ কৰিব কেজৰিৱালে।
সুৰা কেলেংকাৰিৰ অভিযোগত আজি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অষ্টমবাৰৰ বাবে চমন কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় সংস্থাটোৱে কেজৰিৱালক ৭টাকৈ চমন জাৰি কৰিছিল যদিও প্ৰতিবাৰেই কেজৰিৱালে ইডিৰ চমনক অগ্ৰাহ্য কৰিছিল।
লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে ইপিনে আম আদমী পাৰ্টিয়ে ।
ইডিৰ অষ্টম চমনক মুখ্যমন্ত্ৰী কেজৰিৱালে অবৈধ বুলি কয় যদিও তদন্তত সহযোগ কৰিবলৈ সন্মত হয়। এই সন্দৰ্ভত ইডিৰ পৰা তেওঁ ১২ মাৰ্চৰ পিছত সময় বিচাৰিছে। লগতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সংস্থাটোৰ প্ৰশ্নৰ উত্তৰ দিব বুলিও কয় কেজৰিৱালে।
ইয়াৰ পূৰ্বে কেজৰিৱালে ইডিৰ চমনক অপ্ৰয়োজনীয় বুলি অভিহিত কৰি কয় যে এই সন্দৰ্ভত আদালতে নিৰ্দেশ দিলেহে ইডিৰ সন্মুখত হাজিৰ হ’ব।
ইডিয়ে কেজৰিৱালৰ বিৰুদ্ধে বাৰে বাৰে চমন অমান্য কৰাৰ অভিযোগত আদালতৰ কাষ চাপিছিল আৰু আদালতে মুখ্যমন্ত্ৰীক ১৬ মাৰ্চত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।
কিন্তু দিল্লী বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে আজি কেজৰিৱাল ইডিৰ সন্মুখত হাজিৰ হ’ব নোৱাৰিব বুলিও মন্তব্য কৰিছে কেজৰিৱালে।