গুৱাহাটীত অনুষ্ঠিত হ’ব অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় অধিৱেশন

Akhil Bharatiya Itihas Sankalan Yojana

অহা ২৩,২৪ আৰু ২৫ ডিচেম্বৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ত্রিবাৰ্ষিক একাদশ ৰাষ্ট্ৰীয় অধিৱেশনখন অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে অখিল ভাৰতীয় ইতিহাস সংকলন যোজনা হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ অধীনৰ এক সংগঠন। ১৯৭৮-৭৯ চনত প্ৰতিষ্ঠা হোৱা এই সংগঠনৰ মূল উদ্দেশ্য হৈছে আৰ এছ এছৰ ‘ভাৰতীয় দৰ্শন’ৰ দৃষ্টিকোণেৰে ভাৰতীয় ইতিহাসৰ পুনৰ লিখন।

ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ উদ্যোগত তিনিদিনীয়াকৈ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্রেক্ষাগৃহত  অনুষ্ঠিত হ’বলগীয়া উক্ত ৰাষ্ট্ৰীয় অধিৱেশনখনত সমগ্ৰ ভাৰতবৰ্ষৰ ১২ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি সংগঠনটোৰ ৰাজ্যিক সমিতিৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে।

অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় আয়াম প্ৰমুখ হেমন্তধিং মজুমদাৰ আৰু ইতিহাস সংকলন সমিতি, অসমৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জনোৱা মতে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব, মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেন সিং আদি উপস্থিত থাকিব লগা উক্ত অধিৱেশনত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক বি আৰ মণি, ভাৰতীয় স্মাৰক প্ৰাধিকৰণৰ অধ্যক্ষ সুস্মিতা পাণ্ডে, ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদৰ অধ্যক্ষ অৰবিন্দ জামেখেডকাৰ, অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সভাপতি অধ্যাপক সতীশ চন্দ্ৰ মিট্টাল আদিয়ে অংশগ্ৰহণ কৰিব।