কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে সোমবাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনক প্ৰত্যাহ্বান জনাই কয় যে চৰকাৰে পাৰে যদি ২৩ অক্টোবৰত ৫০ টাতকৈয়ো অধিক জাতীয় সংগঠনে আহ্বান দিয়া অসম বন্ধত বাধা দিয়ক।
বন্ধৰ প্ৰতি সমৰ্থন জনোৱা সকলোবোৰ সংগঠনকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি গগৈয়ে কয় যে ৰাজ্যখনত বিজেপিৰ ‘আতিশয্য’ই তেওঁক অসম আন্দোলনৰ সময়ছোৱাৰ কথা সোঁৱৰাই দিছে।
‘’ বৰ্তমান চৰকাৰখনে হিটলাৰৰ দৰে শাসন চলাইছে,’’- গগৈয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰখনক লক্ষ্য কৰি কয়।
উল্লেখযোগ্য যে ৰাজ্যখনৰ ৫০ টাতকৈয়ো অধিক জাতীয় সংগঠনে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’খন বাতিল কৰাৰ দাবীত অসম বন্ধৰ আহ্বান দিছে। তেওঁলোকে প্ৰকাশ কৰে যে সংসদত বিধেয়কখন গৃহীত হ’লে ই বৃহত্তৰ অসমীয়া জাতিৰ পৰিচয়, ইয়াৰ ভাষা-সংস্কৃতি মষিমূৰ কৰি পেলাব।
গগৈয়ে কয়, ‘’ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ১৩ বছৰীয়া ইতিহাসত আমি কেতিয়াও বন্ধ ঘোষণা কৰা নাছিলো। এইবাৰ আমাৰ হাতত ইয়াৰ বিকল্প নাছিল।‘’
‘’ বিজেপিৰ ভাবুকিলৈ কোনোৱে খাতিৰ নকৰে। আমাৰ বিশ্বাস আছে যে এই পুঁজিবাদী চৰকাৰখনৰ কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদত এক শান্তিপূৰ্ণ তথা গণতান্ত্ৰিক বন্ধ পালনত ৰাজ্যখনৰ জনসাধাৰণে আমাক সহযোগ কৰিব,’’-গগৈয়ে কয়।
গগৈয়ে অসমক দ্বিতীয়খন কাশ্মীৰ বা ত্ৰিপুৰা হ’বলৈ নিদিয়ে বুলিও লগতে দোহাৰে।
কৃষক মুক্তিৰ নেতাগৰাকীয়ে লগতে খিলঞ্জীয়া সংগঠনৰ বিৰুদ্ধে দিয়া বিবৃতিৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ক্ষমা বিচৰাৰ দাবী তোলে।
গগৈয়ে কয়, ‘’ দাসে খিলঞ্জীয়া সংগঠনক ‘তথাকথিত’ বুলি কোৱাৰ সাহস কেনেকৈ পালে?’’ গগৈয়ে লগতে ‘ৰাজ্যখনক সুৰক্ষিত কৰাৰ স্বাৰ্থত’ ২৩ অক্টোবৰৰ অসম বন্ধৰ সমৰ্থনত কামৰ পৰা বিৰত থাকিবলৈ সকলো শ্ৰেণীৰ লোককে আহ্বান জনায়।