‘ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে কোনো গোচৰ সহ্য কৰিব নোৱাৰো’ অখিল গগৈ

‘মিজোৰামে ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে কোনো গোচৰ সহ্য কৰিব নোৱাৰো’ এই কথাষাৰ কৈছে বিধায়ক অখিল গগৈয়ে।

বিধানসভাৰ মজিয়াৰ লগতে সংবাদ মাধ্যমৰ আগত সততে মুখ্যমন্ত্ৰীৰ ভূমিকাত সৰৱ হৈ থকা বিধায়ক অখিল গগৈয়ে ৰাজ্যখনৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ পক্ষত থিয় হোৱা দেখা গৈছে।

শণিবাৰে হাইলাকান্দিত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে অখিল গগৈয়ে। আজি অসম বিধান সভাৰ এটা সৰ্বদলীয় প্ৰতিনিধি দল উপস্থিত হৈছিল অসম মিজোৰাম সীমান্তত।

সীমান্তৰ সংঘাতপূৰ্ণ পৰিস্থিতৰ বুজ ল’বলৈ গৈছিল দলটো।

দলটোৰ সদস্য অখিল গগৈয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে।

তেওঁ কয় ‘অসমৰ মুখ্যমন্ত্ৰীক তেওঁৰ ব্যৰ্থতাৰ বাবে সমালোচনা কৰিছো। আমাৰ সীমা সমস্যা সমাধান কৰিব নোৱাৰাৰ কাৰণে তেওঁক সমালোচনা কৰিছো। কিন্তু সেই বুলি মিজোৰামে যদি আমাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দিয়ে সেইটো কোনোপধ্যে সমৰ্থন কৰিব নোৱাৰো।‘

‘এইক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ লগত আছো। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতিয়াও কোনোধৰণৰ গোচৰ সহ্য কৰা নহ’ব। মিজোৰামক এই গোচৰ উঠাই ল’বলৈ আমি দাবী জনাইছো।‘ অখিল গগৈয়ে এইদৰে কয়।

যিহেতু অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

সীমান্তত সংঘটিত হোৱা ঘটনাৰ পাছতেই অসমৰ মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছে।

মুখ্যমন্ত্ৰীৰ লগতে ছগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে।

তেওঁলোকৰ বিৰুদ্ধে হত্যা আৰু আক্ৰামণৰ প্ৰচেষ্টাৰ অভিযোগ আনি এই এজাহাৰ দাখিল কৰা হৈছে।

মিজোৰামৰ ভেইৰেংটে আৰক্ষী থানাৰ পৰিদৰ্শক এইচ লালচাওইমাওৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ মহা পৰিদৰ্শক অনুৰাগ আগৰৱালা, আৰক্ষী উপ  মহাপৰিদৰ্শ দোৱজ্যোতি মুখাৰ্জী, কাছাৰৰ উপায়ুক্ত কীৰ্তি জালি, কাছাৰৰ (প্ৰাক্তন) আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ, বন বিষয়া ছানিদেউ চৌধুৰী, ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাবুদ্দিন আৰু অসম আৰক্ষীৰ অচিনাক্ত ২০০ আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।