ইতিহাস ৰচি শিৱসাগৰ সমষ্টিৰ বিধায়ক হ’ল কাৰাবন্দী অখিল গগৈ; অখিলৰ ভোটৰ চুনামিত উটি গ’ল কংগ্ৰেছ-বিজেপি

Akhil Gogoi

শিৱসাগৰৰ পৰা নিৰ্বাচিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। ফাইল ফটো।

অসমত এক ইতিহাস ৰচি শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ’ল ৰাইজৰ দলৰ প্ৰাৰ্থী কাৰাবন্দী অখিল গগৈ।

অখিল গগৈৰ ভোটৰ চুনামিত শিৱসাগৰত উটি গ’ল ৰাষ্ট্ৰীয় দল বিজেপি-কংগ্ৰেছ। শিৱসাগৰত প্ৰতিষ্ঠা হ’ল আঞ্চলিকতাবাদী শক্তি।

২ মে’ত ঘোষিত হোৱা অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিৰ দৃষ্টি নিৱদ্ধ হৈ আছিল শিৱসাগৰ বিধানসভা সমষ্টিত। কিয়নো এই সমষ্টিত এইবাৰ ৰাইজৰ দলৰ হৈ অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আজি প্ৰায় ডেৰ বছৰ কাৰাৰুদ্ধ হৈ থকা অখিল গগৈয়ে কাৰাগাৰৰ পৰাই সন্মানীয় ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

কাৰাগাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ঘটনা অসমৰ ৰাজনীতিত বিৰল। সেইবাবেই এইবাৰ নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ ফলাফলৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছিল।

অৱশেষত ২ মে’ত আহিল সেই ঐতিহাসিক ক্ষণ। ঘোষিত হ’ল শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনী ফলাফল। বিজেপিৰ হিতাধিকাৰী-প্ৰলোভনৰ ৰাজনীতি আৰু কংগ্ৰেছৰ দূৰ্গক ধূলিস্যাৎ কৰি ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ জয়ী হয়।

শিৱসাগৰ সমষ্টিত এইবাৰ অখিল গগৈয়ে ৫৭২১৯ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকুৱৰীয়ে ৪৫৩৪৪ টা ভোট লাভ কৰে। অখিল গগৈয়ে ১১৮৭৫ টা ভোটত জয়লাভ কৰে।

আনহাতে, একেৰাহে চাৰিটা  কাৰ্যকাল নিজৰ দখলত ৰখা কংগ্ৰেছ দল এইবাৰ তৃতীয় স্থান লাভ কৰে। কংগ্ৰেছ দলৰ শুভ্ৰমিত্ৰ গগৈয়ে মাত্ৰ ১৯৩২৯ টা ভোট লাভ কৰে।

২০১৬ৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈয়ে ৪৮৫০৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলৰ একেগৰাকী প্ৰাৰ্থীয়ে ৪৭৯৬৫ টা ভোট লাভ কৰিছিল। সেই অনুপাতে এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দলে ২৯১৭৫ টা ভোট কমকে পায়। ঠিক সেইদৰে  বিজেপি প্ৰাৰ্থী গৰাকীয়ে এইবাৰ নিৰ্বাচনত ২৫৭৭ টা ভোট কম পায়। যাৰ বাবে বিপুল ভোটৰ ব্যৱধানত জয়ী হয় অখিল গগৈ।

আনহাতে, শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা আন তিনিগৰাকী প্ৰাৰ্থী এনচিপিৰ অজিত হাজৰিকাই ৪৩৪ টা, নিৰ্দলীয় প্ৰাৰ্থী ৰূপা বড়াই ৮১৯ টা আৰু হেমন্ত বৰুৱাই মাত্ৰ ৪৩৫ টা ভোট লাভ কৰে।

উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰখন মিনি দিছপুৰলৈ পৰিৱৰ্তন হৈছিল। বিজেপি প্ৰাৰ্থী গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বহু মন্ত্ৰী বিধায়ক তথা ষ্টাৰ কেম্পেইনাৰে বাহৰ পাতিছিল শিৱসাগৰত। এক বিশাল ৰ’ড শ্ব’ত অংশ লৈছিল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতো শিৱসাগৰ সমষ্টি নিজৰ দখললৈ নিব নোৱাৰাটো এক বিজেপিৰ বাবে এক ডাঙৰ বিফলতা বুলি কব খোজে একাংশ সচেতন ব্যক্তিয়ে।