অপ্ৰতিৰোধ্য! কাৰাগাৰত থাকিও ৰাইজৰ দলৰ সভাপতি হ’ব অখিল গগৈ

কাৰ্য্যকৰী সভাপতি, সাধাৰণ সম্পাদক আৰু উপ-সভাপতি হ’ব কোন কোন?

akhil-1581351855

কাৰাগাৰত ৩৯২ টা দিন ইতিমধ্যে সম্পূৰ্ণ হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ।

তেওঁ কাৰাগাৰত আছে যদিও তেওঁৰ নেতৃত্বতে ৰাইজৰ দলে আগন্তুক ২০২১ ৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিব।

আজিৰ নিশাৰ ভাগলৈ অখিল গগৈৰ অনুপস্থিতিতো তেওঁক দিয়া হ’ব ৰাইজৰ দলৰ সভাপতিৰ দায়িত্ব।

মৰাণত চলি থকা ‘ৰাইজৰ দল’ৰ ৰাজনৈতিক অভিৱৰ্তনতে অখিল গগৈক দিয়া হ’ব এই গুৰু দায়িত্ব। নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এই কথা জানিবলৈ দিয়ে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ৰুবুল দাসে।

তেওঁ কয় ‘অখিল গগৈ কেৱল এজন ব্যক্তি নহয় তেওঁ এক অপ্ৰতিৰোধ্য প্ৰতিবাদী সত্তা। সেয়েহে উপদেষ্টা, মুখ্য আহ্বায়ক, আহ্বায়ক অন্য বিষয়া, কৰ্মী সকলোৱে অখিল গগৈক সকলোৰে সৰ্ব সন্মত্তিক্ৰমে ৰাইজৰ দলৰ সভাপতি পদত মনোনীত কৰিব।‘

আনহাতে, আমাৰ হাতত ৰাইজৰ দলৰ অন্য এক উচ্চস্তৰীয় সুত্ৰৰ পৰা অহা খবৰ অনুসৰি ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি হ’ব ভাস্কোডি শইকীয়া।

সাধাৰণ সম্পাদক হিচাপে ৭ গৰাকী মুখ্য আহ্বায়ক তথা আহ্বায়কক দিয়া হ’ব সাধাৰণ সম্পাদকৰ দায়িত্ব।

সুত্ৰটোৱে জনোৱা অনুসৰি সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ’ব জিতুল ডেকা, ৰুবুল দাস, গিৰিশংকৰ গোস্বামী, লোহিত গগৈ, হুছেইন মহম্মদ চাহজাহান, ৰাজু শইকীয়া, অংকুৰ শইকীয়া আৰু মহেন্দ্ৰ দিহিঙীয়াক।

ইপিনে, কমল মেধি, দিৱস ফুকন, দিলীপ বৰা, ভবেন সন্দিকৈ, ৰাফেল হুছেইনকে ধৰি মুঠ ২০ জনক উপ সভাপতিৰ দায়িত্ব দিয়া হ’ব।

উল্লেখ্য যে, যোৱা ৭ জানুৱাৰীৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে মৰাণত অনুষ্ঠিত হৈছে ৰাইজৰ দলৰ ৰাজনৈতিক অভিৱৰ্তন।

এইসকল নেতাৰ নেতৃত্বত কিদৰে ৰাইজৰ দল পৰিচালিত হয় বা বিজেপিৰ বিৰুদ্ধে কেনেদৰে যুঁজত নামিব পাৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।