অখিল গগৈৰ সংবাদমেল : তিনিটা কাৰণৰ বাবে বিজেপিক ভোট দিছে ৰাইজে

Akhil Gogoi

সংবাদমেলত কৃষক মুক্তিৰ নেতা অখিল গগৈ। ২৪ মে'ত, চামনাৰিত।

সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফলক উপযুক্ত বিকল্পহীনতাত জনসাধাৰণৰ মতদান আখ্যা দিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে।

বিজেপিৰ জয়ক দেশবাসীৰ বাবে বেয়া খবৰ আখ্যা দি নেতাজনৰ মন্তব্য, “ফলাফলত বিজেপিৰ জয় নিশ্চিতভাৱে দেশবাসীৰ বাবে বেয়া খবৰ। জনগণে যেন নিজে নিজৰ বিৰুদ্ধে ভোটদান কৰিলে। ইমান ডাঙৰ জয়ৰ পাছতো মানুহৰ মাজত ফূৰ্তি নাই। ই বিকল্পহীনতাৰ বাবেহে যে বিজেপিক ভোট দিছে তাকে প্ৰমাণ কৰে”।

নেতাজনে আজি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত চানমাৰিৰ নিজৰাপাৰৰ বাসভৱনতে প্ৰথমখন সংবাদমেল সম্বোধন কৰে।

ফলাফলৰ পিছত বিজেপি কর্মকৰ্তাৰ বাদে জনসাধাৰণৰ মনত কোনো আনন্দ–উল্লাস, আৱেগৰ চিন নাই, ফূৰ্তি নাই বুলি গগৈয়ে দাবী কৰে।

তেওঁ কয়, “ৰাইজে জানে যে বিজেপি চৰকাৰে কৃষকৰ কাৰণে একো কৰা নাই, নিবনুৱাৰ বাবেও একো কৰা নাই। কৃষকৰ মৃত্যু হৈছে। যোৱা ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱা বৃদ্ধি পাইছে। ভোটদাতাসকলৰ বাবেও একো কৰা নাই।”

হিন্দু জাতীয়তাবাদৰ দ্বাৰা প্ৰভাৱিত ৭৫ শতাংশ মানুহেই বিজেপিক ভোট দিছে বুলি কৈ গগৈৰ দাবী, “বিজেপিক তিনিটা কাৰণেই ভোট দিছে, “ৰাষ্ট্ৰবাদ, হিন্দুত্ব আৰু হিন্দু জাতীয়তাবাদ, বিজেপি আৰু আৰ এছ এছৰ পেচাদাৰিত্ব আৰু ধনৰ প্ৰয়োভৰ তথা সৰ্ব ভাৰতীয় সংবাদ মাধ্যমক নিজৰ লগত ৰখা।”

তেওঁ এই নিৰ্বাচনক বদলি কৰি দিব পৰা নিৰ্বাচন বুলি কয়। মোদী অধিক ক্ষমতাশালী হৈ গণতান্ত্ৰিক প্ৰমূল্য নাইকিয়া কৰিব পাৰে, হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাবে উঠিপৰি লাগিব পাৰে আৰু নব্য উদাৰনৈতিক নীতিক আগ বঢ়াই নিবৰ বাবে জনতাক ওলাই কৰাৰ এজেণ্ডা ল’ব পাৰে। মোদী আৰু অমিত শ্বাহে বিপক্ষক অৱমাননা, সংবাদ মাধ্যম, গণতান্ত্ৰিক আন্দোলনক অৱমাননা কৰিব পাৰে। সংবিধানৰ গাথঁনি ভাঙি দিবলৈ চাব পাৰে, ফেচিবাদী দেশ গঢ়াৰ বাবে চেষ্টা কৰিব পাৰে, কৃষক নেতাজনৰ মত।

গগৈৰ মতে, এই ফলাফলে কংগ্ৰেছক ম্লান কৰাৰ লগতে জাতীয়তাবাদী দল, বাওঁপন্থীক, আম আদমীক নস্যাৎ কৰিলে, আঞ্চলিকতাবাদী, বিজেপিৰ সহযোগী দলক পোহৰহীন কৰিলে।

তেওঁ এই সময়ক বিকল্প ৰাজনীতিৰ বাবে চিন্তা কৰিবৰ বাবে উপযুক্ত সময় আখ্যা দিয়ে।

“গণতন্ত্ৰ ৰক্ষাৰ বাবে আমিও বিকল্পৰ সন্ধানৰ বাবে কাম কৰিম। প্ৰকৃত নতুন বিকল্পৰ কাৰণে ৰাইজ ওলাই আহক। আমিও প্ৰস্তুত”, গগৈয়ে কয়।

তেওঁ লগতে দাবী কৰে, “নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যুৰ বাবেই সন্মানজনক বাবে বিৰোধী পক্ষ হাৰিলে। এই ইছ্যু নোহোৱা হেঁতেন আৰু বেয়াকৈ বিৰোধী হাৰিল হেঁতেন।”

আঞ্চলিক দল তথা বিজেপিৰ মিত্ৰ অগপ সন্দৰ্ভত গগৈয়ে কয়, “স্বাভাৱিকভাৱেই অগপৰ মৃত্যু ঘটিব। লীডাৰ থাকিব, কিন্তু দল নাথাকে। কংকালটো জীয়াই থাকিব কাৰণ তাৰ বাবে কেইজনমান নেতাই যুঁজি থাকিব। ৰাম ঠগন দিয়াৰ পাছতো অগপই লগ এৰা নাই বিজেপিৰ।”

নাগৰিকত্ব সংশোধনীৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যুজঁ কৰি যাব, অসমক ধ্বংস হ’বলৈ নিদিয়ে বুলিও নেতাজনে কয়।