কাৰাগাৰৰ পৰাই কৰ্মযজ্ঞ আৰম্ভ অখিল গগৈৰ; কেনেদৰে কৰিব সমষ্টিৰ উন্নয়ন?

৩খন বিশেষ সমিতিয়ে পৰিচালনা কৰিব শিৱসাগৰ সমষ্টিৰ উন্নয়ন

WhatsApp Image 2021-06-01 at 3.54.43 PM

গুৱাহাটীত ৰাইজৰ দলৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

কাৰাগাৰৰ পৰাই কৰ্মযজ্ঞ আৰম্ভ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈৰ। বিধায়কৰ ক্ষমতাৰ পূৰ্ণ বিকেন্দ্ৰীকৰণ কৰি সমষ্টিবাসীৰ হাতলৈ কৰা হৈছে ক্ষমতাৰ হস্তান্তৰকৰণ।

ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক ডি শইকীয়াই মঙ্গলবাৰে সংবাদমেল যোগে এই কথা সদৰী কৰে।

সংবাদমেল অনুষ্ঠিত কৰি ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক ডি শইকীয়াই কয়,”কাৰাগৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ কৰ্মযজ্ঞ আৰম্ভ কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ উদ্যোগত সমষ্টিবাসীক লগত লৈ সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাৰে সমষ্টিৰ উন্নয়নৰ পদক্ষেপ হাতত লোৱা হৈছে।‘’

সমষ্টিৰ উন্নয়নৰ বাবে বিধায়কৰ হাতত থকা ক্ষমতা এক গণতান্ত্ৰিক আৰু বিজ্ঞানসন্মত আৰ্হিৰে সমষ্টিবাসীৰ হাতলৈ অৰ্পণ কৰা হৈছে।

৩খন বিশেষ সমিতিয়ে পৰিচালনা কৰিব শিৱসাগৰ সমষ্টিৰ উন্নয়ন। সমিতি তিনিখন হ’ল ক্ৰমে- সমষ্টি পৰিচালনা সমিতি, সমস্যা চিনাক্তকৰণ সমিতি আৰু পৰ্যটন উন্নয়ন উপদেষ্টা সমিতি।

এক কথাত কবলৈ গ’লে বিধায়কৰ হাতত থকা সমষ্টিৰ উন্নয়ন সকলো ক্ষমতাৰ ৱাৰ্ড পৰ্যন্ত বিকেন্দ্ৰীকৰণ কৰা হৈছে। তিনিখন সমিতিৰ নিৰ্দিষ্ট পৰিচালনা নীতি নিৰ্দেশনা কৰা হৈছে।

সেই অনুসৰি সমষ্টিৰ পৰিচালনা সমিতিয়ে বিধায়কগৰাকীক সমষ্টিৰ উন্নয়নৰ সকলো দিশত সহায়-সহযোগ, দিশ নিৰ্ণয় আৰু পৰামৰ্শ প্ৰদান কৰিব।

১জুন, ২০২১ৰ পৰা কাৰ্যকৰী হোৱা এই সমিতিৰ কাৰ্যকাল এবছৰীয়া হ’ব। এই সমিতিয়ে সমষ্টিবাসীৰ সকলো সমস্যাৰ বুজ ল’ব আৰু সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব।

সমিতিৰ সকলো সদস্যৰ লগত আলোচনাৰ মাধ্যমেৰে বিধায়কে শেষ সিদ্ধান্ত গ্ৰহণ কৰিব।