কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তত থমকি নৰয় আক্ৰাছু : ৮ জানুৱাৰিত অসম বন্ধৰ আহ্বান

49206443_360933254459470_4299891896911659008_n

বঙাইগাঁৱত আক্ৰাছুৰ সংবাদমেল।

কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে। বুধবাৰে গ্ৰহণ কৰা কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তত আক্ৰাছু সন্তুষ্ট নহয়। আজি বঙাইগাঁৱত এক সংবাদমেল যোগে আক্ৰাছুৰ নেতৃত্বই এই কথা প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় কেবিনেটৰ জনজাতিকৰণৰ প্ৰস্তাৱ গ্ৰহণৰ বিষয়ত সন্দেহ ব্যক্ত কৰি আক্ৰাছুৱে সংশোধিত প্ৰক্ৰিয়াৰে জনজাতিৰ মৰ্যাদা ল’বলৈ অস্বীকাৰ কৰে।

সেয়েহে সংগঠনটোৱে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ লগতে আন আন জনজাতিৰ দৰে সমান সুবিধা প্ৰদান কৰি ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰিছে।

ইপিনে, আক্ৰাছুৱে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিখন জিলাতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি শুকুৰবাৰে সংগঠনটোৱে প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ জুমুঠি দাহ কৰিব।

তদুপৰি, আক্ৰাছুৱে শীঘ্ৰে কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত অহা ৮ জানুৱাৰিত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।

আনহাতে, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গকুল বৰ্মনে নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চৰম প্ৰতাৰণা কৰিলে। মোদী নেতৃত্বাধীন বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে ৬ মাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ আশ্বাস দিছিল। কিন্তু মোদী চৰকাৰৰ অন্তিমখন লোকসভাৰ অধিবেশনৰ সময়তে কেবিনেটত অসমৰ জলন্ত সমস্যা জনজাতিকৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ ক্ষেত্ৰত শাসকীয় পক্ষৰ ভূৱা প্ৰচাৰহে লাভ কৰিলো।‘’

তেওঁ লগতে কয়, ‘’কোচ ৰাজবংশীকে ধৰি অন্য পাঁচটা জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ ফল বিজেপি চৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনত ভোগ কৰিব।‘’

‘’কাইলৈ সমগ্ৰ অসমতে অৰ্থ্যাৎ মোদীৰ অসম ভ্ৰমণৰ সময়ছোৱাতে তেওঁলৈ এটা বাৰ্তা দিব বিচাৰিছো যে ৮ জানুৱাৰিৰ অসম বন্ধৰ পাছতো যদি জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ভয়ানক কাৰ্য্যসূচী গ্ৰহণ কৰিম। যি জুই জ্বলিব, সেয়া ভয়ানকভাৱে জ্বলিব,’’-বৰ্মনে কয়।