জনজাতিকৰণ আৰু কমতাপুৰ দাবী পূৰণ নকৰিলে আক্ৰছুয়ে বৰ্জন কৰিব পঞ্চায়ত নিৰ্বাচন

আক্ৰছুৰ অধিৱেশন

চৰকাৰে যদি শীঘ্ৰে জনজাতিকৰণ আৰু কমতাপুৰ দাবী পূৰণ নকৰে তেন্তে আক্ৰছুয়ে পঞ্চায়ত নিৰ্বাচনকে ধৰি আহিব লগা নিৰ্বাচনসমূহ বৰ্জন কৰিব। আজি কোকৰাঝাৰ ফকিৰাগ্ৰামত সামৰণি পৰা আক্ৰছুৰ একতা সন্মিলনৰ পিছতে সাংবাদিকসকলক এইদৰে জনায় সংগঠনটোৰ নৱ নিৰ্বাচিত সভাপতি অৰুন ৰায়ে।
 চৰ্কাৰৰ বিৰুদ্ধে একে অভিযোগ তুলি আক্ৰছুৰ নৱ নিৰ্বাচিত সম্পাদক গকুল বৰ্মনে কয়, ‘শাসনাধিস্থিত বিজেপিয়ে যোৱা লোকসভা আৰু বিধানসভা নিৰ্বাচনত কোঁচ ৰাজবংশীসকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। অতি শীঘ্ৰে আমাৰ নৱ নিৰ্বাচিত সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব আৰু কমতাপুৰ আৰু জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী লোৱা হ’ব।’
উল্লেখযোগ্য যে এই সন্মিলনৰ পূৰ্বে আক্ৰছু হিতেশ্বৰ বৰ্মন আৰু প্ৰদীপ ৰায় নেতৃত্বাধীন দুটা গোটত বিভক্ত আছিল। নৱনিৰ্বাচিত সম্পাদক বৰ্মনে কয়, ‘কিন্তু এই বিশেষ সন্মিলন আৰু ছহিদ দিৱসত একতা সমিতি আৰু বুদ্ধিজীৱী সকলৰ সহযোগিতাত আৰু সাধাৰণ ৰাইজৰ উদ্যোগত দুয়োটা গোট ঐক্যবদ্ধ হয়। আজি আক্ৰছুয়েই কোঁচ ৰাজবংশীসকলৰ একমাত্ৰ ছাত্ৰ সংগঠন।’
বৰ্ণিল কাৰ্য্যসূচীৰে দুদিনীয়াকৈ আয়োজিত আক্ৰছুৰ বিশেষ সন্মিলন আৰু ছহিদ দিৱসৰ আজি আছিল অন্তিম দিন।
আজি অন্তিম দিনা হিতেশ্বৰ বৰ্মনৰ সভাপতিত্বত এখন মুকলি সভাও অনুষ্ঠিত হয়।
অন্তিম দিনাৰ কাৰ্য্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থকা পশ্চিম কোকৰাঝাৰৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে আক্ৰছুৰ দুয়োটা গোট ঐক্যবদ্ধ হোৱাটো কোঁচ-ৰাজবংশীসকলৰ বাবে এক শুভ লক্ষণ।