বিজেপিক প্ৰতিহত কৰিবলৈ ৰাজনৈতিক দল গঠন কৰিব আক্ৰাছুৱে!

68449ad1-fbd4-46e6-8434-6bb5d2a0d522

গণ সমাৱেশৰ ছবি। ফটো : নৰ্থ-ইষ্ট নাও

পৃথক কমতাপুৰ ৰাজ্য গঠন, কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু সাংবিধানিক সুৰক্ষাৰ দাবীত আজি কোকৰাঝাৰৰ ডিমলগাঁৱত বিশাল গণসমাৱেশ অনুষ্ঠিত হয়।

আক্ৰাছুৰ উদ্যোগত আৰু কোচ ৰাজবংশী সাহিত্য সভা, কোঁচ ৰাজবংশী সন্মিলনী, কোঁচ ৰাজবংশী মহিলা সমিতি, চিলাৰায় সেনা আদিকে ধৰি আন কেইবাটাও সংগঠনৰ সহযোগত অনুষ্ঠিত সমাৱেশত বিটিএডিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কোঁচ ৰাজবংশী জনতাই নিজৰ প্ৰাপ্য দাবী-অধিকাৰ ৰূপায়ণ কৰিবলৈ চৰকাৰক শেষবাৰৰ বাবে সকিয়নী প্ৰদান কৰে।

জনসমাৱেশত উপস্থিত থকা আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে কোঁচ ৰাজবংশী জনতাক চৰকাৰে মাথো প্ৰতাৰণা হে কৰি আহিছে। প্ৰতিটো দলেই নিৰ্বাচনৰ পূৰ্বে কোঁচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও সময়ত সেয়া ফুটুকাৰ ফেন হয়।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোঁচ ৰাজবংশীৰ দাবী পূৰণ নকৰিলে কোঁচ ৰাজবংশীয়ে নিজাববীয়াকৈ ৰাজনৈতিক দল গঠন কৰি বিজেপিক অনিচ্ছাসত্তেও ভেটা দিয়া হ’ব বুলি মন্তব্য কৰিছে।

তদুপৰি বি টি আৰ চুক্তিৰ পিছতে এবছুৱে পৃথক বড়োলেণ্ডৰ দাবী বাদ দিয়াত আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্ৰতি সমৰ্থন দিবলৈ এবছুৰ প্ৰতি আহ্বান জনাইছে।

ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ ভূমি ভগাই দি চৰকাৰে থানবান কৰিলে আৰু চৰকাৰে কোঁচ ৰাজবংশী জনতাৰ প্ৰতি যে উদাসীন সেয়া ইতিমধ্যেই প্ৰমাণিত হৈছে বুলি মন্তব্য কৰি জীৱেশ ৰায়ে শেষবাৰৰ বাবে চৰকাৰক সকিয়নী প্ৰদান কৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমস্যা সমাধান নকৰিলে ৰাজনৈতিক অভিবৰ্তনেৰে চৰকাৰক এসেকা দিবলৈ সাজু বুলি ঘোষণা কৰিছে।

ইপিনে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ ৰায়ে নিজ ভাষণত চৰকাৰে কোঁচ ৰাজবংশীক মাথো প্ৰতাৰণা কৰিছে বুলি উল্লেখ কৰি কোঁচ ৰাজবংশীসকল আজি নিজ ভূমিত বঞ্চিত, লাঞ্চিত আৰু শোষিত বুলি উল্লেখ কৰে।

নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে ঐক্যতাৰে আগবাঢ়ি যোৱাৰ আহ্বান জনাই কোঁচ ৰাজবংশীয়ে ধৈৰ্যৰ সীমা হেৰুৱাই পেলাইছে বুলি উল্লেখ কৰি জনজাতিকৰণকে ধৰি আন দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলিও হুংকাৰ প্ৰদান কৰিছে।

তদুপৰি বি টি আৰ চুক্তিৰ ওপৰত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি হিতেশ্বৰ বৰ্মনে কোঁচ ৰাজবংশীক আন্ধাৰত ৰাখি এনে চুক্তি কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি বি টি আৰত কোঁচ ৰাজবংশীক বিশেষ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। লগতে কোঁচ ৰাজবংশী স্বায়ত্বশাসিত পৰিষদ গঠনত তেওঁলোক আস্বস্ত নহয় বুলি উল্লেখ কৰি পৰিষদৰ সীমা বৃদ্ধি কৰিবলৈ দাবী তোলে।

আনহাতে আক্ৰাছুৰ প্ৰাক্তন সভাপতি  বিশ্বজিৎ ৰায়ে কংগ্ৰেছ-বিজেপি একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি উল্লেখ কৰি বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীকো সমালোচনা কৰে।

হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনৰ পূৰ্বে কোঁচ ৰাজবংশীৰ জনজাতিকৰণৰ কথা কয় যদিও দিল্লী-দিচপুৰত কোঁচ ৰাজবংশীৰ জনজাতিকৰণৰ বিৰোধিতা কৰে। বৰ্তমানৰ চৰকাৰখনক এক শিক্ষা দিব লাগিব বুলিও মন্তব্য কৰে বিশ্বজিৎ ৰায়ে।