NORTHEAST NOW (Assamese)

COVID-19 ৰ বিৰুদ্ধে যুঁজত এইবাৰ BMC ক ৩ কোটি টকা আগবঢ়ালে অক্ষয় কুমাৰে

April 11, 2020 8:38 am · এন ই নাও নিউজ
অভিনেতা অক্ষয় কুমাৰ

বলীউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকাৰ বৰঙণি আগবঢ়োৱাৰ পাছত এইবাৰ বৃহনমুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যন (BMC)ক ৩ কোটি টকাৰ বৰঙণি আগবঢ়াইছে।

এই বৰঙণি অভিনেতাজনে COVID-19ৰ বিৰুদ্ধে যুঁজত নিয়োজিত প্ৰথমশাৰীৰ কৰ্মীসকলৰ বাবে PPE, মাস্ক আৰু ৰেপিড টেষ্টিং কিট ক্ৰয়ৰ বাবে আগবঢ়ইছে।

তেওঁৰ এই বৰঙণিৰ বাতৰিটো বাণিজ্যিক বিশ্লেষক তৰণ আদৰ্শে শুকুৰবাৰে তেওঁৰ টুইটাৰত প্ৰকাশ কৰে।

‘’প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকাৰ বৰঙণি আগবঢ়োৱাৰ পাছত অক্ষয় কুমাৰে বি এম চিক PPE, মাস্ক আৰু ৰেপিড টেষ্টিং কিট ক্ৰয়ত সহায়ক হোৱাৰ বাবে ৩ কোটি টকা আগবঢ়াইছে,’’-টুইটত তেওঁ সদৰী কৰে।


বৰঙণিৰ বাহিৰেও কুমাৰে COVID-19ৰ সন্দৰ্ভত সজাগতামূলক ভিডিঅ’ আৰু মেচেজ শ্বেয়াৰ তথা প’ষ্ট কৰি আহিছে।

তেওঁৰ ভিডিঅ’ আৰু বাৰ্তাসমূহত অক্ষয় কুমাৰে এই সংকটৰ সময়ত সুৰক্ষিত থকাৰ বাবে ল’বলগীয়া প্ৰয়োজনীয় পদক্ষেপ সম্পৰ্কে বিশদভাৱে কৈছে।

উল্লেখ্য যে কেইদিনমান পূৰ্বে সংকটৰ সময়ত দেশ সেৱাত ব্ৰতী থকা লোকসকলক অভিনেতাগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰি সমাজৰ বাবে এক বাৰ্তা প্ৰেৰণ কৰিছিল।

অভিনেতাগৰাকীয়ে নিজৰ ফটো টুইটাৰত শ্বেয়াৰ কৰি কৈছিল যে মই মোৰ মোৰ পৰিয়ালৰ তৰফৰ পৰা আৰক্ষী, নগৰ নিগমৰ কৰ্মচাৰী, চিকিৎসক, নাৰ্চ, চৰকাৰী বিষয়া তথা এনেধৰণৰ কামত নিয়োজিত লোকসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো।

অক্ষয় কুমাৰে উক্ত টুইটোত নিজৰ নাম আৰু ঠিকনাও উল্লেখ কৰিইল। অক্ষয়ৰ সেই বিশেষ টুইটটো ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছিল।

Related News