NORTHEAST NOW (Assamese)

প্ৰতিবাদৰ পিছত সলাই পেলোৱা হ’ল অক্ষয় কুমাৰৰ লক্ষ্মী বোম্ব ছবিৰ নাম, নতুন নাম কি দিলে জানো আহক

October 30, 2020 1:57 pm · এন ই নাও নিউজ

বলিউডৰ খিলাড়ী অক্ষয় কুমাৰৰ নতুন  হৰৰ ছবি ‘লক্ষ্মী বোম্ব’ ছবি খনে আৰম্ভনিৰে পৰাই সোমাই পৰিছে ইটোৰ পিছত সিটো বিতৰ্কৰ মাজত।

‘লক্ষ্মী বোম্ব’ (Laxmmi Bomb) ৰ ট্ৰেলাৰ মুক্তি দিয়াৰ পিছৰে পৰাই ছবি খনক বিতৰ্কই খেদি ফুৰিছে।

‘লক্ষ্মী বোম্ব’ ছবিত অক্ষয় কুমাৰে বিশেষ চৰিত্ৰ এটাত কৰা অভিনয়ে সকলোৰে মন চুই যাব পাৰিব বুলি ছবি খনৰ পৰিচালকে আশা প্ৰকাশ কৰিছিল যদিও সেই আশা যেন নিৰাশাত পৰিণত হ’বলৈ ওলাইছে।

ছবি খনত লাভ জিহাদৰ কথা প্ৰকঠ হৈ পৰা বুলি বহুতে অভিযোগ কৰিছে।

অক্ষয় কুমাৰে অভিনয় কৰা ছবি খনৰ প্ৰধান চৰিত্ৰ আছিফৰ প্ৰেম ছবিৰ অভিনেত্ৰী পূজাৰ সৈতে। হিন্দুত্ববাদীসকলে এই প্ৰেমক মানি ল’ব বিচৰা নাই।

একেদৰে শ্ৰী ৰাজপুত কুৰ্ণি সেনাই ছবি খনৰ জৰিয়তে দেৱী লক্ষ্মীক অপমান কৰা বুলি আদালতত গোচৰ তৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে ছবি খনৰ নাম লক্ষ্মী বোম্বৰ ঠাইত লক্ষ্মী কৰিছে প্ৰযোজকে।

নামটোৰ ইংৰাজী বানানো সলাই পেলোৱা হৈছে।

ছবি খনৰ বাবে নায়িকা হিচাবে নিৰ্বাচন কৰা হৈছে অভিনেত্ৰী কিয়াৰা আদৱানীক।

দৰাচলতে ‘লক্ষ্মী বোম্ব’ ছবি খন হৈছে দক্ষিণৰ তামিল ছবি ‘কাঞ্চনা’ৰ অফিচিয়েল ৰিমেক।

২০১১ চনতে মুক্তি পোৱা হৰৰ ছবি খনে দক্ষিণৰ ছবি জগতত আলোড়ণৰ সৃষ্টি কৰিছিল।

‘কাঞ্চনা’ত অভিলয় কৰিছিল দক্ষিণৰ জনপ্ৰিয় অভিনেতা ৰাঘৱ লৰেন্সে।

‘লক্ষ্মী বোম্ব’ ছবি খনৰ পৰিচালনাৰ দায়িত্বত আছে ‘কাঞ্চনা’ৰ পৰিচালক লৰেন্সেই।চলিত বছৰৰ মাৰ্চ মাহত ডুবাইৰ বুৰ্জ খলিফাত ছবি খনৰ বহু দৃশ্যৰ শ্বুটিং হৈ যায়।

Related News