NORTHEAST NOW (Assamese)

এলাইন এস্পেক্ট, জন এফ ক্ল’জাৰ আৰু এণ্টন জেইলিংগাৰলৈ ২০২২ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল

October 4, 2022 7:56 pm · এন ই নাও নিউজ, গুৱাহাটী

সোমবাৰে চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ীৰ নাম ঘোষণা কৰাৰ পিছত আজি ঘোষণা কৰা হয় বৰ্ষটোৰ পদাৰ্থ বিজ্ঞান বিভাগৰ নোবেল বিজয়ীসকলৰ নাম।

কোৱাণ্টাম প্ৰযুক্তিৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে এই বৰ্ষত এলাইন এস্পেক্ট, জন এফ ক্লজাৰ, আৰু এণ্টন জেইলিংগাৰলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে।

তিনিওগৰাকী পদাৰ্থ বিজ্ঞানীৰ অধ্যয়নৰ ফলাফলে কোৱাণ্টাম তথ্যৰ আধাৰত এক নতুন প্ৰযুক্তিৰ পথ মুকলি কৰিছে বুলি বৈজ্ঞানিক মহলত চৰ্চিত হৈ আহিছে।


উল্লেখ্য যে ১৮৯৫ চনত মৃত্যুবৰণ কৰা চুইডিছ আৱিষ্কাৰক আলফ্ৰেড নোবেলৰ ইচ্ছাপত্ৰ অনুসৰি নোবেল বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাৰ সৈতে এটা সোণৰ পদক আৰু ১০ নিযুত চুইডিছ ক্ৰ’নাৰ প্ৰদান কৰা হয়।

প্ৰথম অৱস্থাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, সাহিত্য, শান্তিৰ নোবেল বঁটা প্ৰদান আৰম্ভ কৰা হৈছিল যদিও ১৯৬৮ চনত চুইডিছ কেন্দ্ৰীয় বেংকে অৰ্থনীতিৰ নোবেল বঁটা প্ৰদানৰো ব্যৱস্থা কৰিছিল।

সোমবাৰে বিলুপ্ত হোমিনিন আৰু মানৱ বিৱৰ্তনৰ জিনম সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে স্বান্তে পাব’লৈ এই বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল।

আজি পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ীৰ নাম ঘোষণা কৰাৰ পিছত অহা এসপ্তাহৰ ভিতৰত আন শাখাৰ নোবেল বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হ’ব।

Related News