NORTHEAST NOW (Assamese)

গোৱা ভ্ৰমণলৈ সাজু হৈছে নেকি? এপ্ৰিলত বাঢ়িব মদৰ দাম

February 14, 2020 6:04 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

অহা ১ এপ্ৰিলৰ পৰা গোৱাত ২০ৰ পৰা ৫০ শতাংশ বৃদ্ধি পাব মদৰ দাম। ৰাজ্যখনৰ মুখ্য মন্ত্ৰী প্ৰমোদ চাৱান্তে যোৱা ৬ ফেব্ৰুৱাৰিত বিধানসভাৰ মজিয়াত দাখিল কৰা বাজেটত এই কথা ঘোষণা কৰে।

আগন্তুক বিত্তীয় বৰ্ষত কৰ সংগ্ৰহৰ পৰিমান ২৫০ কোটি টকাৰ পৰা ৩০০ কোটি টকাৰ লক্ষ্য আগত ৰাখিয়েই ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্য মন্ত্ৰী চাৱান্তে কয়।

উল্লেখ্য যে ২০১৮-১৯ বিত্তীয় বৰ্ষত গোৱা চৰকাৰে ৪৭৭.৬৭ কোটি টকা আবকাৰী শুল্ক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

প্ৰথমখন বাজেট দাখিলৰ পিছতেই মুখ্য মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে সাধাৰণ জনতাৰ ওপৰত অধিক বোজা নিদিয়াৰ স্বাৰ্থতেই সামান্য পৰিমানে আবকাৰী শুল্ক, ফিজ, ষ্টেম্প ডিউটি আৰু ক’ৰ্ট ফিজ বৃদ্ধি কৰা হৈছে।

তেওঁ লগতে কয় যে আবকাৰী শুল্ক বৃদ্ধিৰ ফলত ৰাজ্য চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষত অতিৰিক্তভাৱে ১০০ কোটি টকা সংগ্ৰহ কৰিব পাৰিব বুলি ধাৰণা কৰিছে, যিটো যোৱা বছৰৰ ৰাজহৰ তুলনাত ২৫ শতাংশ অধিক বৃদ্ধি পাব।

উল্লেখ্য যে দাম বৃদ্ধিৰ পিছতো দেশৰ আন ৰাজ্য সমূহৰ তুলনাত গোৱাৰ গ্ৰাহকে সুলভ মূল্যতে ক্ৰয় কৰিব পাৰিব মদ।

Related News