NORTHEAST NOW (Assamese)

মদ্যপান কৰিলে লিভাৰৰ কি হয় জানেনে?

August 11, 2022 7:03 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

সন্দেহৰ বিন্দুমাত্ৰ অৱকাশ নাই যে সুৰাপানে মানুহক কিছু সময়ৰ বাবে হ’লেও মধুৰ আনন্দাভূতিত উজ্জীৱিত কৰি তোলে। বিশ্বৰ সকলো দেশতে কম-বেছি পৰিমাণে সুৰাসক্ত লোক আছে।

এই কথা সঁচা যে এটা বয়সৰ পাছত পৰিমিত পৰিমাণে আৰু নিয়মীয়াকৈ সুৰাপান কৰিলে স্বাস্থ্যৰ ক্ষতি নহয়, বৰং কিছুমান ক্ষেত্ৰত উপকাৰহে হোৱা দেখা যায়। কিন্তু বিভিন্ন সমীক্ষাই এই কথা স্পষ্ট কৰি দিছে যে সুৰাপানত অভ্যস্ত হ’লে ক্ৰমে চাহিদা বৃদ্ধি পায় আৰু তেওঁলোকে ক্ৰমাগতভাৱে সুৰাৰ পৰিমাণ বৃদ্ধি কৰি যায়।

অতিৰিক্ত মদ্যপান কিয় কৰিব নালাগে, জানেনে?

মাত্ৰাধিক মদ্যপান কৰিলে নানাধৰণৰ শাৰীৰিক সমস্যাই দেখা দিয়ে, বিশেষকৈ লিভাৰ অৰ্থাৎ যকৃত নামৰ অতি গুৰুত্বপূৰ্ণ অংগটোৰ সাংঘাতিক ক্ষতি হ’ব পাৰে।

এক নিৰ্ভৰযোগ্য অধ্যয়নত দেখা গৈছে যে মাত্ৰাধিক মদ্যপান কৰাসকল বা মদাসক্তসকলৰ-

১)৯০ শতাংশই ফেটি লিভাৰত ভোগে।

২)ফেটি লিভাৰত ভোগাসকলৰ ২০ শতাংশতকৈ অধিকসংখ্যকৰ ক্ষেত্ৰত লিভাৰ ছিৰছিছ হ’ব পাৰে।

৩)দীৰ্ঘদিন ধৰি ছিৰছিছত ভোগাসকলৰ ৫ শতাংশৰ বেলিকা লিভাৰ ফেলিয়ৰ, লিভাৰ কেঞ্চাৰ হ’ব পাৰে।

৪)ফেটি লিভাৰ হোৱাসকলৰ ৩৫ শতাংশৰ ক্ষেত্ৰত এলক’হলিক হেপাটাইটিছ বা যকৃতৰ প্ৰদাহ হোৱা দেখা যায়।

মদ্যপান কৰিলে লিভাৰৰ কি অৱস্থা হয় জানেনে?

লিভাৰ বা যকৃত আমাৰ দেহৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। যিয়ে আমি প্ৰতিদিনে গ্ৰহণ কৰা খাদ্যৰ ৮০-৯০ শতাংশৰ হজমত সহায় কৰে। লিভাৰত তেজ সংৰক্ষণ হয় আৰু তাৰ পৰাই দেহৰ বিভিন্ন অংশলৈ সৰবৰাহ হয়। লিভাৰে তেজ সৃষ্টিও কৰে। আনকি আমি খোৱা দৰববোৰৰো বিপাক প্ৰক্ৰিয়া সম্পন্ন হয় লিভাৰত।

অতিৰিক্ত মদ্যপানৰ ফলত এইহেন গুৰুত্বপূৰ্ণ লিভাৰটো নষ্ট হ’ব পাৰে, যি জীৱনৰ বাবে ভাবুকি স্বৰূপ। উল্লেখ্য, লিভাৰৰ বেয়া হোৱা অংশ কেতিয়াও ভাল নহয়।

উল্লেখ্য যে মদ্যপানজনিত কাৰণত পুৰুষতকৈ মহিলাৰ লিভাৰ বেয়া হোৱাৰ সম্ভাৱনা দুগুণ অধিক। কিয়নো মহিলাৰ দেহত এলক’ল ডি হাইড্ৰ’জেনেছ নামৰ উৎসেচকবিধ নাথাকে। লিভাৰ বেয়া হ’লে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিকল হয়।

তেজ উৎপন্ন প্ৰক্ৰিয়া ব্যাহত হয় আৰু ৰক্তাল্পতা বা এনিমিয়াই দেখা দিয়ে। তদুপৰি পুৰুষৰ বুকু মহিলাৰ দৰে হ’ব পাৰে।

Related News