বিশ্বৰ ধনী মানুহ (Billionaire) ৰ বিষয়টো আহিলে আমি সাধাৰণতে ইলন মাস্ক-বিল গেটছ-আম্বানিহঁতৰ দৰে নাম শুনিবলৈ পাওঁ। কিন্তু আজি আমি আপোনালোকৰ আগলৈ আনিছো এজন যুৱকৰ কাহিনী যিয়ে ইতিমধ্যে কোটিপতিৰ তালিকাত নিজৰ অৱস্থান ক্ৰমান্বয়ে স্পষ্ট কৰি তুলিছে।
আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল মাত্ৰ ২৫ বছৰ বয়সতে তেওঁ আন বিশ্বৰ ধনাঢ্য ব্যক্তিসকলৰ সৈতে মুঠ সম্পদৰ ক্ষেত্ৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে।
এনে পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব পাৰে যে যুৱকজন কোন? মূলতঃ আমি আপোনালোকক ক’ব খুজিছো স্কেল এআইৰ সহ-প্ৰতিষ্ঠাপক আলেকজেণ্ডাৰ ৱাঙৰ বিষয়ে।
আলেকজেণ্ডাৰ ৱাং এজন ডিজিটেল উদ্যোগী আৰু স্কেল এআইৰ চিইঅ’। ইতিমধ্যে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কেৱল সেয়াই নহয়, বহুতে এই যুৱ এছিয়ান-আমেৰিকান কোটিপতিজনক টেছলাৰ চিইঅ’ ইলন মাস্কৰ সৈতে তুলনা কৰিবলৈ আৰম্ভ কৰিছে।
উল্লেখ্য যে ৱাঙে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি বুলিও জনা যায়)ত গণিত আৰু কম্পিউটাৰ বিজ্ঞানত বি এছ এ ডিগ্ৰীৰ বাবে পঢ়াশুনা কৰিছিল। প্ৰথম বছৰ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ সহকৰ্মী লুচি গুওৰ সৈতে স্কেল এআই প্ৰতিষ্ঠা কৰে। মূলতঃ দুয়োজন সহ-প্ৰতিষ্ঠাপকে এসময়ত প্ৰশ্নোত্তৰ ৱেবছাইট Quora ত কাম কৰিছিল।
ইপিনে, তেওঁলোকৰ এই ষ্টাৰ্টআপটো আমেৰিকাৰ ষ্টাৰ্টআপ ইনকিউবেটৰ ৱাই কম্বিনেটৰৰ আৰ্থিক সাহায্যত আৰম্ভ হৈছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ৱাঙৰ এক শক্তিশালী ভেটি আছে। ইফালে ৱাঙৰ পিতৃ-মাতৃ দুয়োজনেই আমেৰিকাৰ বায়ুসেনা আৰু সেনাবাহিনীত পদাৰ্থবিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ৱাঙে নিয়মিতভাৱে স্কুলত গণিত আৰু ক’ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ১৭ বছৰ বয়সত যেতিয়া হাইস্কুলৰ বেছিভাগ ছাত্ৰই কলেজ বা তাৰ পিছৰ পাঠ্যক্ৰমৰ বাবে প্ৰস্তুতি চলাইছিল, তেতিয়া ৱাঙে Quora ৰ ক’ডাৰ হিচাপে কাম কৰিছিল।
মন কৰিবলগীয়া যে ফৰ্বছৰ ২০১৮ চনৰ ৩০ বছৰ অনুৰ্ধৰ কোটিপতিৰ তালিকাত ইতিমধ্যে ৱাঙক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও যোৱা বছৰ ৱাঙৰ ব্যৱসায়টোৱে প্ৰায় ৩৫ কোটি ডলাৰৰ ধন লাভ কৰিছিল। এই আৰ্থিক সহায়ৰ বাবেই স্কেল এআইয়ে ইতিমধ্যে ১০ কোটি ডলাৰৰ ৰাজহ লাভ কৰিছে। লগতে তেওঁলোকৰ ব্যৱসায়িক মূল্য আছিল ৭.৩ বিলিয়ন ডলাৰ।
সেই সময়ত ফৰ্বছে ৱাঙৰ সম্পত্তিৰ পৰিমাণ ১ বিলিয়ন ডলাৰ বুলি অনুমান কৰিছিল। কেৱল সেয়াই নহয়, ফৰ্বছৰ বিশ্বৰ ধনী লোকৰ তালিকা অনুসৰি বৰ্তমান ৱাঙৰ স্থান ২৫৩৪।