ন্যায় আদালতৰ, এজন লোকক হত্যাৰ অভিযোগত ৪৯ জন দোষীক মৃত্যুদণ্ড!

উত্তৰ আফ্ৰিকাৰ দেশ আলজেৰিয়াত সংঘটিত হৈছে ঘটনাটো। দেশখনৰ এখন আদালতে ৩৮ বছৰীয়া জামেল বেন ইছমাইল নামৰ এজন লোকৰ হত্যাৰ বাবে ৪৯ জন লোকক মৃত্যুদণ্ড প্ৰদান কৰিছে। দোষীসকলৰ বিৰুদ্ধে যোৱা বছৰ লোকজনক মৰিয়াই তথা জ্বলাই হত্যা কৰাৰ অভিযোগ আছে।

বাতৰি অনুসৰি, যোৱা বছৰ আলজেৰিয়াত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু অৰণ্যত জুই লগোৱাৰ বাবে দোষী সাব্যস্ত হোৱা অভিযুক্তসকলে ভুলকৈ সন্দেহজনক লোকজনক প্ৰহাৰ কৰি জ্বলাই হত্যা কৰিছিল। পিছত এইটো প্ৰকাশ পাইছিল যে মৃতব্যক্তিজনে জুই বিয়পাবলৈ নহয়, আনক জুইৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ ঘটনাস্থলীলৈ গৈছিল।

লগতে পঢ়ক: প্ৰতি কিলোগ্ৰামৰ দাম ৮৫ হাজাৰ টকা! সোণতকৈ চৰা বিশ্বৰ আটাইতকৈ দামী এই পাচলি

যোৱা বছৰ আগষ্টত জুই লগাৰ পিছত ইছমাইলে টুইট কৰিছিল। তাত তেওঁ কৈছিল যে তেওঁ বিয়পি পৰা জুইৰ মোকাবিলা কৰিবলৈ তেওঁৰ ঘৰৰ পৰা ৩২০ কিলোমিটাৰ দূৰৰ কাবিলি অঞ্চললৈ যাব। দৰাচলতে, ৰাজধানী আলজিয়াৰ্ছৰ পূব অঞ্চলটোৱে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল আছিল।

কিন্তু তেওঁ কাবিলি অঞ্চলৰ পৰা নিজ অঞ্চললৈ উভতি অহাৰ পিছতে স্থানীয় লোকে জামেলৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰে। সেই সময়ত স্থানীয় লোকে দাবী কৰিছিল যে জামিলে নিজেই অৰণ্যত জুই লগাই দিছিল। তাৰ পিছত যোৱা বছৰৰ ১১ আগষ্টত গ্ৰাফিক ফুটেজটো প্ৰচাৰিত হ’বলৈ আৰম্ভ কৰে। য’ত দেখা যায় যে বেন ইছমাইলক আক্ৰমণ কৰা হৈছে। তেওঁক অত্যাচাৰ কৰি জ্বলাই হত্যা কৰাৰ পিছত লোকসকলে তেওঁৰ শৰীৰটো গাওঁলৈ লৈ গৈছিল।

এই ঘটনা আৰু ভিডিঅ’বোৰে আলজেৰিয়াত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছিল। অৱশ্যে, মৃত বেন ইছমাইলৰ ভাতৃয়ে ছ’চিয়েল মিডিয়া যুজাৰসকলক আক্ৰমণটোৰ ভিডিঅ’ ফুটেজ বিলোপ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে তেওঁৰ মাকে এতিয়াও নাজানে তেওঁৰ পুত্ৰৰ মৃত্যু কেনেকৈ হৈছিল।

লগতে পঢ়ক: সৰুকালত হনুমান বুলি পূজা কৰা ললিত আক্ৰান্ত এক বিৰল ৰোগত; চিকিৎসকে কি কয়?

ইপিনে, তেওঁৰ পিতৃ নুৰুদ্দিন বেন ইছমাইলে কয় যে তেওঁ “বিধ্বস্ত” হৈ পৰিছে। “মোৰ পুত্ৰ জুইৰ সৈতে মোকাবিলা কৰিবলৈ কাবিলিলৈ গৈছিল। এই অঞ্চলটো তেওঁৰ প্ৰিয় আছিল। কিন্তু তেওঁলোকে তেওঁক জীৱন্তে জ্বলাই দিছিল।‘’