Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt মাতৃ হ’ব আলিয়া ভাট! সোমবাৰে ৰাতিপুৱাই ইনষ্টাগ্ৰামত শুভ সংবাদটো শ্বেয়াৰ কৰিলে ৰণবীৰ পত্নীয়ে। বৰ্তমান অভিনেত্ৰীগৰাকীলৈ আহিছে শুভেচ্ছাৰ জোৱাৰ।

আলিয়াই সোমবাৰে ৰাতিপুৱা ইনষ্টাগ্ৰামত দুখন ফটো শ্বেয়াৰ কৰিছিল। ইয়াৰে এখনত আলিয়াক এখন ব্যক্তিগত চিকিৎসালয় বা ডায়েগ্নষ্টিক চেন্টাৰৰ বিচনাত শুই থকা দেখা গৈছে। অভিনেত্ৰীগৰাকী আল্ট্ৰা চোনোগ্ৰাফীৰ বাবেই যে গৈছে সেয়া স্পষ্ট হৈছে। কিয়নো বিচনাখনৰ সন্মুখত থকা স্ক্ৰীণৰ ওপৰত এটা ৰঙা হৃদযন্ত্ৰৰ ইমোজি আছে।

দ্বিতীয় ছবিখনে এটা সুখী পৰিয়ালৰ ইংগিত দিয়ে। ফটোখনত, সিংহী এটাক সিংহৰ গালত মূৰটো থৈ থিয় হৈ থকা দেখা গৈছে। আৰু সৰু পোৱালিটোৱে তাৰ মাক  পিতৃ-মাতৃলৈ চাই আছে। অৱশ্যে, আলিয়াই ছবিখনৰ কেপশ্বনতে সকলো ফাদিল কৰি দিছে। কাৰণ, তাত তেওঁ লিখিছে, “আমাৰ সন্তান…সোনকালেই আহি আছে। “

ইয়াত কোনো সন্দেহ নাই যে আলিয়া আৰু ৰণবীৰৰ পৰিয়ালত সদস্য বৃদ্ধি হ’বলৈ গৈ আছে। কিয়নো, তেওঁৰ গৃহিনীয়ে নিজেই দুইৰ পৰা তিনি হোৱাৰ ভাল খবৰটো দিছে। তেতিয়াৰে পৰা শুভেচ্ছাৰে ভৰি পৰিছে। কিছুমানে জীৱনৰ এই বিশেষ গুৰুত্বপূৰ্ণ সময়ত সাৱধান হ’বলৈও পৰামৰ্শ দিছে।

কেটৰিনাৰ সৈতে বিচ্ছেদ হোৱাৰ কেইদিনমান পিছত, আলিয়াৰ সৈতে ৰণবীৰৰ প্ৰেমৰ সম্পৰ্ক বাতৰি বিয়পিছিল। আলিয়া আৰু ৰণবীৰে কেতিয়াও তেওঁলোকৰ সম্পৰ্ক অস্বীকাৰ কৰা নাই।

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে যোৱা ১৪ এপ্ৰিলত তেওঁলোকৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিছিল। বলীউডৰ তাৰকা দম্পতীয়ে বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োৱে ৰণবীৰৰ ‘বাস্তু’ বাসগৃহত একেলগে জীৱন-যাপনৰ অংগীকাৰ লৈছিল। পৰিয়াল আৰু নিকট আত্মীয়ৰ উপস্থিতিত বিয়াখন জাকজমকতাৰে সম্পন্ন হৈছিল। সংসাৰ আৰম্ভ হোৱাৰ আঢ়ৈ মাহৰ ভিতৰত আলিয়া গৰ্ভৱতী। এটাৰ পিছত আন এটা ভাল খবৰে এতিয়া বি-টাউনত আনন্দৰ জোৱাৰ তুলিছে।