NORTHEAST NOW (Assamese)

গাত মাহ-হালধি সানিবলৈ সাজু আলিয়া-ৰণবীৰ! কি ক’লে আলিয়াই?

February 19, 2020 7:36 pm · এন ই নাও নিউজ

বলিউদৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট আৰু ষ্টাৰ অভিনেতা ৰণবীৰ কাপুৰৰ মাজত থকা প্ৰেমৰ নিবীড় সম্পৰ্কক লৈ সময়ে সময়ে চলি আহিছে চৰ্চা।

দুয়োজন যে প্ৰেমৰ বান্ধোনত বান্ধোন সেই কথা তাৰকা দুগৰাকীয়ে নিজে স্বীকাৰ কৰি থৈছে জনপ্ৰিয় টেলিভিশ্যন শ্ব’ কফি উইদ কৰণত।

ইয়াৰ উপৰি বিভিন্ন সময়ত দুয়োজনকে বিভিন্ন অনুষ্ঠানত একেলগে অংশ লোৱাও দেখা যায়। আলিয়া আৰু ৰণবীৰৰ পৰিয়ালৰ মাজতো আছে এক সু সম্পৰ্ক।

এই সকলোবোৰ কথা অনুৰাগীৰ জ্ঞাত।

কিন্তু সময়ে সময়ে ছ’চিয়েল মিডিয়াত দুয়োৰে বিয়াৰ তাৰিখ, বিয়াৰ ফটো ভাইৰেল হৈ থকা প্ৰসংগত প্ৰথমবাৰৰ বাবে মুখ খুলিছে আলিয়া ভাটে।

জুম টিভিত দিয়া এক সাক্ষাতত তেওঁ কয়, ‘আমাক লৈ বৰ্তমান কি উৰাবাতৰি চলি আছে মই নাজানো। মোৰ ভাব হয় প্ৰত্যেক তিনি সপ্তাহৰ মূৰে মূৰে নতুন বিয়াৰ দিন আৰু কিবা অন্য ধৰণৰ উৰা বাতৰি ওলায়। এনেধৰণৰ কথাই মোক কেৱল মনোৰঞ্জনহে প্ৰদান কৰে’।

উল্লেখ্য যে চলিত বছৰৰ ডিচেম্বৰ মাহত দুয়োগৰাকীয়ে বিবাহপাশত আৱদ্ধ হ’ব বুলি ‘অ’পেন’ নামৰ এখন মেগাজিনত এটা বাতৰি প্ৰকাশ পাইছিল।

বাতৰিটোত প্ৰকাশিত তথ্য অনুসৰি অহা ৪ ডিচেম্বৰত মুক্তি লাভ কৰিব লগীয়া আয়ান মুখাৰ্জীৰ ‘ব্ৰহ্মাস্ত্ৰ’ নামৰ ছবিৰ পিছতেই দুয়োজনে বিবাহপাশত আৱদ্ধ হ’ব।

এনধৰণৰ উৰাবাতৰিক আলিয়া ভাটে কেৱল মনোৰঞ্জন হিচাপেহে গণ্য কৰে বুলি কৰা মন্তব্যত স্পষ্ট হৈ পৰিছে যে এই পৰ্যন্ত দুয়োৰে বিবাহ সম্পৰ্কত পৰিয়ালৰ মাজত কোনো ধৰণৰ কথা-বতৰা চলা নাই।

উল্লেখ্য যে অলপতে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছত ‘গালি বয়’ৰ বাবে আলিয়া ভাটে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

Related News