মেট গালা ২০২৪: ১৯০৫ ঘণ্টাত প্ৰস্তুত কৰা হ’ল আলিয়া ভাটৰ শাড়ী

২০২৪ বৰ্ষৰ মেট গালাত অভিনেত্ৰী আলিয়া ভাটে পৰিধান কৰা সব্যসাচীৰ শাড়ীয়ে ইণ্টাৰনেট জগতক আপ্লুত কৰিছে৷ অভিনেত্ৰীগৰাকীয়ে ছবিসমূহ শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পাছতে অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক ‘বেষ্ট ড্ৰেছড’ বুলি অভিহিত কৰাৰ লগতে অভিনেত্ৰীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে৷

মেট গালা ২০২৪ত আলিয়াৰ উপস্থিতিয়ে নেটিজেনক আনন্দিত কৰাৰ বিপৰীতে তেওঁৰ নিৰ্বাচিত ৰূপটো আলোচনাৰ বস্তু হৈ পৰিছে।এজন এক্স ব্যৱহাৰকাৰীয়ে লিখিছে- ‘আন্তঃৰাষ্ট্ৰীয় ৰেড কাৰ্পেটত এখন শাড়ীয়ে কেতিয়াও দৰ্শকক মোহিত কৰাত ব্যৰ্থ নহয়, আলিয়া ভাটৰ সাজ-পোছাকো ইয়াৰ ব্যতিক্ৰম নহয়।’

আনাইতা শ্ৰফ আদাজানিয়াৰ দ্বাৰা ষ্টাইল কৰা আলিয়াৰ শাৰীখন বিভিন্ন ৰত্নেৰে সজোৱা আছিল আৰু ২৩ ফুট দীঘলকৈ প্ৰদৰ্শন কৰা হৈছিল৷ য’ত ‘স্লিপিং বিউটিজ: ৰিৱেকেনিং ফেশ্বন’ শীৰ্ষক থিমটোক প্ৰদৰ্শন কৰা হৈছিল য’ত ১৯২০ চনৰ ফ্ৰিঞ্জ শৈলীৰ স্পৰ্শ পৰিলক্ষিত হয়৷

উল্লেখ্য যে, আলিয়া ভাটে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত উল্লেখ কৰিছে যে কেনেকৈ এই ইথাৰিয়েল শাৰীখন তৈয়াৰ কৰিবলৈ মুঠ ১৯০০ ঘণ্টাতকৈ অধিক সময়ৰ সময় প্ৰয়োজন হৈছিল।