কংগ্ৰেছক দিয়াৰ দৰে আগন্তুক নিৰ্বাচনত বিজেপিকো শিক্ষা দিবলৈ সকলো আদিবাসী লোককে আহ্বান আছাৰ

ৰাজ্যখনৰ বিভিন্ন ঠাইত বসবাস কৰি থকা আদিবাসী লোকসকলক জনজাতিকৰণ প্ৰদান কৰা হ’ব বুলি বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়া বৰ্তমানলৈকে প্ৰতিশ্ৰুতি হৈয়ে থাকিল বাস্তৱত পৰিণত নহ’ল। ফলত ৩ জানুৱাৰিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰে।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ, সাধাৰণ সম্পাদক যোচেপ মিঞ্জ আৰু প্ৰচাৰ সম্পাদক মানচুখ ছানখাড়িকাই প্ৰেছ বিবৃতিতটোত উল্লেখ কৰে যে, ‘আদিবাসী সকলৰ জনজাতিকৰণ বিষয়ক লৈ আজিলৈ কেবিনেটত কোনো ধৰণৰ আলোচনা কৰা নহ’ল।’

তাৰোপৰি বিবৃতিটোত বিজেপি চৰকাৰে কেৱল মিছা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰলোভনহে দিয়ে। সেয়ে আদিবাসীসকলে সমাগত লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰক সকিয়নী দিবলৈ সাজু বুলিও উল্লেখ কৰে।

লগতে এই বিবৃতিৰ দ্বাৰাই আদিবাসী ৰাইজে এটা সময়ত যেনেকৈ কংগ্ৰেথ চৰকাৰক শিক্ষা দিছিল তেনেকৈ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰকো শিক্ষা দিবলৈ আগবাঢ়ি আহিবলৈ সকলো আদিবাসী লোককে আহ্বান জনায়।