নিযুক্তি ব’ৰ্ডলৈ শিক্ষা বিভাগে প্ৰতিবন্ধীৰ বেকলগ পদৰ তথ্য প্ৰেৰণ নকৰাৰ অভিযোগ

অসম প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সংবাদমেল।

প্ৰতিবন্ধীসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি শিক্ষা বিভাগত প্ৰতিবন্ধীসকলৰ বাবে খালী হৈ থকা পদৰ তথ্য দিয়া নাই মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বিভাগটোৱে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষাৰ সন্থাৰ।

প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমে কৰা আন্দোলনৰ পিছত যোৱা বছৰৰ ৯ অক্টোবৰত ৰাজ্যিক কেবিনেটে প্ৰতিবন্ধী সকলৰ বেকলগ পদসমূহ পূৰণৰ বাবে সিদ্ধান্ত লৈছিল আৰু তাৰ বাবে আৰক্ষীৰ নিযুক্তিৰ ব’র্ডক দায়িত্ব দিছিল।

কেবিনেটে প্ৰতিটো বিভাগক প্ৰতিবন্ধীসকলে লাভ কৰিব লগীয়া পদৰ তথ্য  আৰক্ষীৰ নিযুক্তি ব’র্ডক এক সপ্তাহৰ ভিতৰত প্ৰদান কৰাৰ নির্দেশ দিছিল।

কিন্তু এই নির্দেশৰ পাছতো চৰকাৰৰ বহুকেইটা বিভাগে আজিলৈকে নিযুক্তি ব’ৰ্ডক খালী পদৰ প্ৰকৃত তথ্য প্ৰেৰণ নকৰিলে, সংবাদমেলত এই অভিযোগ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সন্থাই।

শিক্ষা বিভাগৰ বিৰুদ্ধে অসম্পূৰ্ণ তথা ভুল তথ্য দিয়াৰ অভিযোগেৰে সন্থাটোৰ সম্পদাক নৃপেন মালাকাৰে কয়, “উচ্চ মাধ্যমিক শিক্ষাত ৰাজ্যৰ ২১খন জিলাত শিক্ষকৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গত প্ৰতিবন্ধীসকলে পাব লগা পদৰ সংখ্যা ৩৭৫২টা। প্ৰাথমিক শিক্ষাত প্ৰতিবন্ধীসকলে পাব লগা পদৰ সংখ্যা ২৮৯৭টা। অৰ্থাৎ  শিক্ষা বিভাগত কেৱল ২১খন জিলাত প্ৰতিবন্ধীসকলে পাব লগা মুঠ পদৰ সংখ্যা ৬৬২৯টা। কিন্তু পৰিতাপৰ কথা এই যে শিক্ষা মন্ত্ৰী সিদ্ধাথ ভট্টাচাৰ্যৰ শিক্ষা বিভাগে নিযুক্তিৰ ব’ৰ্ডলৈ মাত্ৰ ১০৫টা পদৰ তথ্যহে প্ৰেৰণ কৰে”।

এই সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত পুনৰ যোৱা ২০১৮বর্ষৰ ২১ডিচেম্বৰত প্ৰতিবন্ধী সুৰক্ষা সন্থা আলোচনাত মিলিত হৈছিল। তাৰ পাছত মুখ্য মন্ত্ৰী সোণোৱালে পুনৰ খালী পদৰ তালিকা শীঘ্ৰে বিভাগ সমূহক প্ৰেৰণ কৰাৰ নির্দেশ দিছিল যদিও এই নির্দেশকো কেৰেপ নকৰিলে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য শিক্ষা বিভাগে।

ফলত চলিত বৰ্ষৰ ২৬ আগষ্টত কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবন্ধী সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছত শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ সৈতে পুনৰ আলোচনাত মিলিত হয় সন্থাটো। উক্ত আলোচনাতে শিক্ষা বিভাগত খালী হৈ থকা কিছু পদৰ সংখ্যা সংগঠনটোৰ আগত আয়ুক্ত সচিবজনে উল্লেখ কৰিছিল।

সেই অনুসৰি উচ্চতৰ মাধ্যমিকত বিষয় শিক্ষক পদত ১৪২টা, উচ্চ মাধ্যমিক বিদ্যালয়ত ২২৩টা নিযুক্তিৰ বাবে সাজু কৰিব বুলি জানিবলৈ দিছিল।

ইয়াৰ উপৰি উচ্চমাধ্যমিক বিদ্যালয় সমূহত খালী হৈ থকা ১৩৫টা তৃতীয় বৰ্গৰ আৰু২২৪টা চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে নিযুক্তি দিব পৰা অৱস্থাত আছে বুলি জানিবলৈ দিছিল আয়ুক্ত সচিব প্ৰীতম শইকীয়াই।

এই আলোচনাতে প্ৰতিবন্ধীসকলৰ বাবে ২০২০ চনৰ জানুৱাৰি মাহৰ ভিতৰতে বিশেষ টে’ট পৰীক্ষাৰ অনুষ্ঠিত আশ্বাস প্ৰদান কৰিছিল বিষয়াজনে।

কিন্তু দুৰ্ভাগ্যৰ কথা যে আলোচনাৰ দুটা সপ্তাহ অতিক্ৰম কৰাৰ পাছতো শিক্ষা বিভাগে কোনো পত্ৰ প্ৰেৰণ নকৰিলে। এই সন্দৰ্ভত সংগঠনৰ একাংশ নেতৃত্বই শিক্ষা বিভাগত খবৰ কৰিবলৈ যাওঁতে আয়ুক্তগৰাকীৰ ব্যক্তিগত সচিবে দুৰ্ব্যৱহাৰ কৰা বুলি আজি সংবাদ মেলত অভিযোগ কৰে নৃপেন মালাকাৰে।

আনহাতে ৰাজ্যৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰিবলৈ লোৱা টে’ট পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত ৰাজ্যৰ প্ৰতিবন্ধীসকলৰ পৰাও ৩০০টকাকৈ মাচুল লোৱা বিষয়টোকো তীব্ৰ ভাষাৰে সমালোচনা কৰে মালাকাৰে।