হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যক গ্ৰেপ্তাৰৰ দাবী সদৌ অসম মাদ্রাছা ছাত্র সন্থাৰ

All Assam Madrasa Student Union

ফটো : নৰ্থ-ইষ্ট নাও

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই মাদ্ৰাছা সমূহকলৈ যোৱা ৩০ মাৰ্চত এক বিভ্ৰান্তিমূলক বক্তব্য দাঙি ধৰি মাদ্ৰাছা সমূহত জেহাদীৰ প্ৰশিক্ষণ দিয়া হয় বুলি কৰা আপত্তিজনক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম মাদ্রাছা ছাত্র সন্থাই।

৩১ মাৰ্চ অৰ্থাৎ দেওবাৰে গুৱাহাটী দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে সংগঠনটোৱে মাদ্ৰাছাত জেহাদীৰ প্ৰশিক্ষণ দিয়া বুলি কৰা মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে উক্ত মন্তব্যৰ প্ৰমাণ দিব নোৱাৰিলে তথাকথিত নেতাজনে ক্ষমা খুজিব লাগিব বুলিও দাবী জনায়।

সংগঠনটোৰ নেতৃবৃন্দই আৰু কয় যে বলেন বৈশ্য ডাঙৰীয়া আপুনি কোনখন মাদ্ৰাছা পাইছে য’ত জেহাদীৰ প্ৰশিক্ষণ দিয়া হয়? দম আৰু সৎ সাহস আছে যদি প্ৰমাণ দিয়ক। নহ’লে যিখন মুখেৰে মিডিয়াৰ আগত মন্তব্য দিছিলে সেইখন মুখেৰেই মিডিয়াৰ আগত আহি ক্ষমা খোজক।

‘মুৰ্খৰ দৰে মিছা অপবাদ দি ৰাইজৰ মাজত ৰণ লগাব বিচৰা ৰাজনীতিক অসমৰ ৰাইজে বুজি পায়। ভাবিছে নেকি আপত্তিজনক মন্তব্যৰে অসমীয়াৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি বিজেপিৰ ভাড়াতিয়া এজেন্ট হিচাপে কাম কৰি CAB বাহাল ৰাখিব পাৰিব বুলি। কিন্তু আপোনাৰ সেই কথা অসমীয়া ৰাইজে বুজি পাইছে’।

ইয়াৰ উপৰি সংগঠনটোৰ নেতৃত্বই পুনৰ কয় যে কিছুমান মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে মুছলমান ৰাইজৰ ওপৰত কিবা আক্ৰমণমূলক বক্তব্য দিলেই অসমৰ ৰাইজে CAB ৰ সমৰ্থন কৰিব বুলি ভাবি লোৱাটো মূৰ্খামিৰ বাহিৰে আন একো নহয়।

সংবাদমেলতে সংগঠনটোৱে চৰকাৰক উদ্দেশ্যি কয় যে যদিহে সঁচাকৈ আপোনালোকে দিচপুৰত বহি অসমৰ ৰাইজৰ শান্তি বিচাৰে তেন্তে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যক গ্ৰেপ্তাৰ কৰি দেখুওৱাক। ন’হলে আমছাই বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে।

‘সন্ত্ৰাসবাদ, মৌলবাদী, জেহাদীৰ কোনো ধৰ্ম নাই। অপৰাধী সদায় অপৰাধীয়ে। ইহতৰ নাম লৈ ৰাজনীতি কৰা, সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা আদিক সকলো জাতি-ধৰ্মৰ লোকেই বেয়া পায়’। এইদৰেও কয় সংগঠনটোৱে।

উল্লেখ্য যে দেওবাৰে আয়োজিত সংবাদমেলত উপস্থিত থাকে আমছাৰ কেন্দ্ৰীয় সভাপতি, মৌলানা ওয়াহিদুজ্জামান চৌধুৰী, সাধাৰণ সম্পাদক আনোয়াৰ হুছেইন, ধুবুৰী জিলা আমছাৰ সভাপতি মৌলানা হাফিজুৰ ৰহমান, গোৱালপাৰা জিলা আমছাৰ সভাপতি মৌলানা মকদ্দছ আলী মণ্ডল আৰু গুৱাহাটী মহানগৰ আমছাৰ উপদেষ্টা আক্বিব জাভেদ।