NORTHEAST NOW (Assamese)

জাতীয় স্বাৰ্থত বি পি এফ দলেও বিজেপিৰ স’তে মিত্ৰতা ভংগ কৰা উচিত

January 15, 2019 9:26 pm · ৰিনয় বসুমতাৰী

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিলৰ প্ৰতিলিপি আজি কোকৰাঝাৰতো ৰাজহুৱাভাৱে মেজিৰ জুইত দাহ কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই ।

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত আজি কোকৰাঝাৰৰ ভূটীয়াপাৰাত ৰাজহুৱাভাৱে মেজিৰ জুইত বিধেয়কখন দাহ কৰি ‘সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ’ আদি প্ৰতিবাদী শ্ল’গান দিয়ে।

ছাত্ৰ সন্থাটোৰ বিষয়ববীয়াৰ লগতে আন আন প্ৰতিবাদী লোকসকলেও বিধেয়কখনৰ বিৰোধিতা কৰি এই বিধেয়ক বাতিল কৰাৰ দাবী জনায়।

কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সদৌ নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি জাতীয় নায়ক বৰ্তমান খলনায়কলৈ ৰূপান্তৰিত হোৱা বুলি মন্তব্য কৰে। তদুপৰি জাতীয় স্বাৰ্থত বিপিএফ দলেও বিজেপিৰ স’তে মিত্ৰতা ভংগ কৰা উচিত বুলি মন্তব্য আগবঢ়াইছে।

Related News