NORTHEAST NOW (Assamese)

সদৌ অসম ব্যক্তিগত বিদ্যালয় শিক্ষক সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভা আহ্বান

December 16, 2020 9:00 pm · নীৰ্মলেন্দু পাঠক

সদৌ অসম ব্যক্তিগত বিদ্যালয় শিক্ষক সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভা আহ্বান কৰা হৈছে।

উল্লেখ্য যে অসমৰ বিভিন্ন জিলাৰ ব্যক্তিগত বিদ্যালয়ত কৰ্মৰত শিক্ষাগুৰু সকলৰ আৰু ব্যক্তিগত বিদ্যালয়ৰ বিভিন্ন সমস্যাসমূহ পৰ্যবেক্ষণ কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ তথা সমাধানৰ পথ উদ্ভাৱন কৰিবলৈ গঠিত হোৱা সদৌ অসম ব্যক্তিগত বিদ্যালয় শিক্ষক সন্থাৰ।

এই সন্থাৰে কেন্দ্ৰীয় সমিতিখনক পূৰ্ণাংগ ৰূপত পুনৰ গঠন কৰিবলৈ অহা ২০ ডিচেম্বৰ দেওবাৰে দিনৰ ১০-৩০বজাত গুৱাহাটীৰ নালাপাৰাত অৱস্থিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত এখনি সাধাৰণ সভাৰ আহ্বান কৰা হৈছে।

উক্ত সভালৈ অসমৰ বিভিন্ন প্ৰান্তত অৱস্থিত ব্যক্তিগত বিদ্যালয়ত কৰ্মৰত শিক্ষক/শিক্ষয়িত্ৰীসকলক লগতে বিদ্যালয়ৰ স্বত্বাধিকাৰী তথা সচিব আৰু শুভাকাংক্ষী ব্যক্তিসকলক উপস্থিত থাকিবলৈ আহ্বায়ক মণ্ডলীৰ হৈমৃগেন কলিতা (৬০০০৫৪৪০৯৩),ইছলাম আলি শেখ (৮৬৩৮৭৮৭৭৭২) আৰু জিতুমনি বৰ্মনে(৭০৮৬৪৫০৯৩৮) অনুৰোধ জনাইছে।

Related News