NORTHEAST NOW (Assamese)

অনুসূচিত জাতি ছাত্র সন্থাই ১৩ আগষ্টৰ পৰা ৰাজ্যজুৰি গ্ৰহণ কৰিব আন্দোলনৰ কাৰ্যসূচী

August 10, 2019 7:27 pm · শান্তনু শইকীয়া

সদৌ অমস অনুসূচিত জাতি ছাত্ৰ সন্থাই অহা ১৩ আগষ্টৰ পৰা সমগ্ৰ ৰাজ্য জুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। এই কথা আজি এক সংবাদমেল যোগে সংগঠনটোৱে জনায়।

সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰমানন্দ দাসে কয় যে বিজেপি চৰকাৰে অনুসূচিত জাতিক প্ৰদান কৰা প্ৰতিশ্ৰুতি পুৰণ কৰাৰ ক্ষেত্ৰত চুড়ান্ত অনীহা প্ৰকাশ কৰিছে।

‘চৰকাৰখনে ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ ধন কেইটাও আজিকোপতি সুচাৰুভাৱে প্ৰদান কৰিব নোৱাৰিলে।’ সংবাদমেলত মন্তব্য সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীৰ।

সংগঠনটোৱে বিগত সময়ত ১০ দফীয়া দাবী জনায় বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই দাবী সমূহৰ ভিতৰত সতী ৰাধিকাৰ নামত সমন্বয় ক্ষেত্ৰ স্থাপনৰ দাবীটোহে পূৰণ কৰিলে। যাৰ বাবে সংগঠনটোৱে মুখ্য মন্ত্ৰী সোণোৱালক সন্থাৰ তৰফৰা পৰা ধন্যবাদ জ্ঞাপন কৰিছে।

কিন্তু বাকী ৯ টা দাবী পুৰণ নকৰা সংগঠনটোৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি আদিৰ সংবাদমেলত জানিবলৈ দিয়ে।

আজিৰ সংবাদমেলতে সন্থাৰ সাধাৰণ সম্পাদক পৰমানন্দ দাস, সহ-সম্পাদক পৰশজ্যোতি দাসে ১৩ আগষ্টৰ পৰা ৯ দফীয়া দাবী লৈ সমগ্ৰ ৰাজ্য জুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

সংগঠনটোৰ ৯ দফীয়া দাবীত ‘ৰাজ্যিক অনুসূচিত জাতি আয়োগ’ গঠন কৰা, অনুসূচিত জাতিৰ জাতি প্ৰমান পত্ৰ সমূহ পুনৰ নবীকৰণৰ ব্যবস্হা কৰা, অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী ছাত্ৰ বৃত্তিৰ ধন নিয়মীয়াকৈ মুকলি প্ৰদানৰ বাবে ব্যৱস্হা গ্ৰহন কৰা আৰু ছাত্ৰ বৃত্তি ধন দুগুন বৃদ্ধি কৰাকে ধৰি কেইবাটাও দাবী আছে।

Related News