এন আৰ চিত ত্ৰুটি ৰ’ল; নিৰাময়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব আছু

WhatsApp Image 2019-08-31 at 1.17.47 PM

আছু নেতৃত্ব

শনিবাৰে প্ৰকাশিত চূড়ান্ত এন আৰ চিক লৈ সুখী নহয় অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা।

এন আৰ চিৰ চুড়ান্ত তালিকা প্ৰকাশৰ পাছতে শ্বহীদ ন্যাসত এখন সংবাদমেল সম্বোধন কৰি এন আৰ চি প্ৰক্ৰিয়াক ত্ৰুটিপূৰ্ণ আখ্যা দিয়ে আছুৰ নেতৃবৃন্দই।

“উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। নাগৰিক পঞ্জীৰ পৰা কৰ্তন হোৱা সংখ্যাটো চৰকাৰে বিভিন্ন সময়ত প্ৰকাশ কৰা অবৈধ বাংলাদেশীৰ সংখ্যাৰ কাষ নাচাপিল।  সেয়েহে আমি সুখী নহয়। উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ ক’ৰবাত ত্ৰুটি ৰৈ গ’ল। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পূৰ্ণ হৈ নুঠিল বুলি অনুভৱ কৰিছো’’-সংবাদমেলত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য।

একেখন সংবাদমেলত উপস্থিত থাকি আছুৰ সভাপতি দীপাংক নাথে এন আৰ চি প্ৰক্ৰিয়াৰ নিৰাময়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ ছপাৰ কথা ঘোষণা কৰে। লগতে অচিৰেই ৩০টা জনগোষ্ঠীয় সংগঠন আৰু ৮ খন বিভিন্ন সাহিত্য সভাৰ সৈতে এন আৰ চি বিষয়ত আলোচনাত মিলিত হ’ব বুলি জনায়।

“আমি এন আৰ চিত হোৱা ত্ৰুটি নিৰাময়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম।উচ্চতম ন্যায়ালয়ে এই বিষয়ত যথোচিত পদক্ষেপ ল’ব বুলি বিশ্বাস ৰাখিছো”- নাথে কয়।

উক্ত সংবাদমেলত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে এখন শুদ্ধ এন আৰ চি প্ৰকাশৰ প্ৰস্তুত কৰাৰ বাবে অসম আৰু কেন্দ্ৰীয় চৰকাৰে যথেষ্ট সময় আৰু সুবিধা পাইছিল বুলি উল্লেখ কৰি উভয় চৰকাৰৰ ব্যৰ্থতাৰ বাবে এই সুযোগ গ্ৰহণত চৰকাৰ ব্যৰ্থ হ’ল বুলি মত প্ৰকাশ কৰে।

আনহাতে, প্ৰথমতে দাবী আৰু আপত্তি নিষ্পত্তিৰ সময়ত ১০ বিধ নথিৰ ঠাইত ১৫ বিধ নথি গ্ৰহণ কৰালে, দ্বিতীয়তে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সময়ছোৱাত বিষয়াৰ বদলিকৰণ অব্যাহত থাকিল,  তৃতীয়তে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰৰ উদ্যোগত আপত্তি দাখিল নকৰিলে, চতুৰ্থতে আইনৰ ৪.৩ দফা ব্যৱহাৰ কৰি চৰকাৰীভাৱে অনুসন্ধানৰ ব্যবস্থা কৰা নহ’ল, পঞ্চমতে চৰকাৰী ভাৱে অবৈধ বিদেশীৰ নাম ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা নহ’ল বুলি অভিযোগ কৰে গগৈয়ে।

এনেবোৰ কাৰণতে অবৈধ বাংলাদেশী নামমুক্ত শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ চুড়ান্তভাৱে ব্যৰ্থ হ’ল বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ছাত্ৰ সংগঠনটোৱে।